Ramdevji birth anniversary:ৰামদেৱজীৰ জন্মোৎসৱ উপলক্ষে লখিমপুৰত ৪০ কিলোমিটাৰ পদযাত্ৰা - শ্ৰীশ্ৰী সীতাৰামজী ঠাকুৰবাৰী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 9:25 PM IST

লখিমপুৰ, ২৪ ছেপ্টেম্বৰ: লখিমপুৰত ৰামদেৱজীৰ জন্মোৎসৱ উপলক্ষে দেওবাৰে এক বিশাল পদযাত্রা উলিওৱা হয় । কৃষ্ণ অৱতাৰী বাবা শ্ৰীৰামদেৱজী মহাৰাজৰ জন্মোৎসৱ উপলক্ষে আজি পূৱাতে লখিমপুৰ নগৰৰ শ্ৰীশ্ৰী সীতাৰামজী ঠাকুৰবাৰীৰ পৰা গোগামুখৰ সংকটমোচন শ্ৰীশ্ৰী হনুমান মন্দিৰলৈ এই পদযাত্ৰা উলিওৱা হয়। মাৰোৱাৰী সমাজৰ উদ্যোগত কৰা এই পদযাত্ৰাত সহস্রাধিক লোকে অংশগ্রহণ কৰে ।  

উল্লেখ্য় যে ৰাজস্থানৰ উৰিষ্যা নামৰ ঠাইত জন্মগ্ৰহণ কৰা ৰামদেৱজীক কৃষ্ণৰ অৱতাৰ বুলি গণ্য কৰি মাৰোৱাৰী সমাজে শ্ৰদ্ধা জনাই আহিছে । সকলো ধৰ্ম নিৰ্বিশেষে তেওঁ পৰম কৰুণাময় বুলি গণ্য কৰি শ্ৰদ্ধা আগবঢ়াই আহিছে ।  

আজি জন্মোৎসৱ উপলক্ষে লখিমপুৰৰ মাৰোৱাৰী সমাজে তেওঁৰ গুণ কীৰ্তন কৰি লখিমপুৰ নগৰৰ পৰা গোগামুখৰ সংকটমোচন মন্দিৰ লৈ প্ৰায় ৪০ কিলোমিটাৰ পথত এই যাত্ৰা কৰে । ষষ্ঠ বাৰৰ বাবে মাৰোৱাৰী সমাজে ৰামদেৱজীৰ জন্মোৎসৱ উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰে ।

লগতে পঢ়ক:Assam CM wife land scam: মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.