HS result 2023: প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দশম স্থানপ্ৰাপ্ত ৰক্তিমা পাটৰৰ - প্ৰশাসনিক বিষয়া হোৱাৰ সপোন
🎬 Watch Now: Feature Video
মৰিগাঁও,৬ জুন: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা বোৱাইছে মৰিগাঁৱলৈ (HS result 2023) । কলা আৰু বাণিজ্য শাখাত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ স্থান লাভক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ মৰিগাঁৱতে (AHSEC Result 2023) । কলা শাখাত দশম স্থান লাভ কৰে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ৰক্তিমা পাটৰে (10th position in arts in HS result 2023) ।
দশম স্থান লাভৰে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ৰক্তিমা পাটৰৰ সপোন ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ (Raktima Patar of Morigaon secured 10th position in Arts) । প্ৰায় ৯৫% নম্বৰ লাভৰে দশম স্থান কৰি মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ৰক্তিমা পাটৰ খগেন চন্দ্ৰ পাটৰ আৰু অপৰাজিতা পাটৰৰ কন্যা । আশা কৰা ধৰণেই ফলাফল লাভ কৰি পিতৃ-মাতৃ তথা শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰে ৰক্তিমা পাটৰে ।
লগতে পঢ়ক: Efforts to make Dihanam global: দিহানামক বিশ্বমুখী কৰাৰ প্ৰয়াস