Mustard Cultivating in Dhemaji: সৰিয়হ খেতি কৰি চকুৰে সৰিয়হ ফুল দেখিছে কৃষকে - পথাৰত শালি খেতি
🎬 Watch Now: Feature Video
ধেমাজি, ২৭ ফ্ৰেব্ৰুৱাৰী: এতিয়া সৰিয়হ চপোৱা সময় ৷ পথাৰত শালি খেতি সদৃশ সৰিয়হ খেতি চপোৱাত ব্যস্ত ধেমাজি বাটঘৰীয়া অঞ্চলৰ কৃষক (Mustard Cultivating in Dhemaji) ৷ পৰিয়ালৰ পুৰুষ-মহিলা সকলোৱে উবুৰি খাই পৰিছে পথাৰত ৷ ট্ৰেক্টৰ আৰু গৰুৰে সৰিয়হৰ মৰণা মাৰিছে পথাৰত ৷ পিছে এইবেলি সৰিয়হ খেতি কৰি বিপদত পৰিছে ধেমাজিৰ একাংশ কৃষক । কাৰণ বিগত দিনকেইটাত হোৱা প্ৰৱল বৰষুণৰ লগতে শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰিলে বিঘাই বিঘাই সৰিয়হ খেতিৰ ৷
ফলত এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ৷ বিশেষকৈ ধেমাজি বাটঘৰীয়া গাঁও পঞ্চায়তৰ ২ নং ঘেয়াৰী গাঁৱৰ ১০/১২ টাকৈ পৰিয়ালে সৰিয়হ খেতি কৰি পৰিয়াল পোহপাল দি আহিছে ৷ শালি খেতিৰ পৰিৱৰ্তে সৰিয়হ খেতিকে মুখ্য খেতি হিচাপে পৰিয়ালকেইটায়ে বাচি লৈছিল (Financially self reliant by cultivating mustard) ৷ কিন্তু এইবাৰ বতৰে বিধি পথালি দিয়াত হাহাকাৰ লাগিছে পৰিয়ালকেইটাৰ মাজত ৷ বহুকেইগৰাকী কৃষকে দুখেৰে জানিবলৈ দিয়ে যে, তেওঁলোকে বহু আশাৰে অতি কষ্ট কৰি সৰিয়হ খেতি কৰিছিল ৷ কোনোৱে যদি গৰুৱে হাল বাই মাটি চহাইছিল, বহুতে আকৌ গৰুৰ পৰিৱৰ্তে টেক্টৰে মাটি চহ কৰি, সাৰ আদি প্ৰয়োগ কৰিছিল ৷
কিন্তু পৰিতাপৰ বিষয় যে, প্ৰথম অৱস্থাত সৰিয়হ খেতিডৰা লহপহকৈ বাঢ়ি আহিছিল আৰু নিৰ্দিষ্ট সময়ত গুটি ধৰিছিল ৷ কিন্তু সৰিয়হ চপোৱাৰ প্ৰাকক্ষণত হোৱা শিলাবৃষ্টি আৰু নেৰানেপেৰা বৰষুণে কৃষকৰ সপোন ধূলিসাৎ কৰিলে ৷ ইফালে সৰিয়হ খেতি নষ্ট হোৱাৰ সমান্তৰালভাৱে বজাৰত হুৰাহুৰে দাম কমিল সৰিয়হৰ ৷ মুঠৰ ওপৰত চহা সাধাৰণ কৃষকে যিকোনো খেতি কৰিলে প্ৰকৃত মূল্য নাপায় বাবে সাধাৰণ কৃষকে কৃষি কৰ্ম কৰিয়ো উপকৃত হোৱা নাই বুলি মন্তব্য কৰে কৃষকে ৷
উল্লেখ্য যে, পূৰ্বতে প্ৰতি কুইন্টল সৰিয়হৰ দাম ৫ হাজাৰ পৰা ৬ হাজাৰ হৈছিল ৷ কিন্তু এইবাৰ বজাৰত মূল্য হ্ৰাস পাই প্ৰতি কুইন্টল সৰিয়হ মূল্য হয়গৈ ৩,৫০০ পৰা ৪,০০০ টকা ৷ যাৰবাবে এতিয়া একাংশ সৰিয়হ খেতিয়কে মূলৰো ঘাটি হোৱাৰ আশংকা কৰি বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷
লগতে পঢ়ক: Mustard Cultivating in Rangia: সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ৰঙিয়াৰ এদল উদ্যমী যুৱকৰ