নলবাৰীত কণীসহ অজগৰ উদ্ধাৰ

By

Published : Jun 10, 2022, 7:57 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

নলবাৰীৰ বৰভাগৰ দামালঘাটত উদ্ধাৰ হয় কণীসহ এডাল প্ৰকাণ্ড অজগৰ (Python rescue in Nalabari) । নিৰ্মীয়মান পকী দলঙৰ তলত দ’মাই থোৱা কাঠৰ মাজত উদ্ধাৰ হয় ১৮ ফুট দৈৰ্ঘ্যৰ অজগৰডাল । কাঠ উলিয়াই থাকোতে শ্ৰমিকে প্ৰত্যক্ষ কৰে অজগৰডাল । লগে লগে স্থানীয় ৰাইজ উপস্থিত হৈ বন বিভাগক খবৰ দিয়ে । পৰৱৰ্তী সময়ত বন বিভাগৰ লোক উপস্থিত হৈ কণীসহ অজগৰ ডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বন বিভাগৰ লোকে অজগৰডালৰ লগত উদ্ধাৰ কৰে ২২ টা কণী(Python egg in Nalabari) । অজগৰডাল উদ্ধাৰৰ পাছতে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ হেতা-ওপৰা লগায় স্থানীয় লোকে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.