ETV Bharat / state

পূজাৰ আগতেই বড়োভূমিৰ নিৰ্বাচন; নিৰ্বাচনমুখী বি টি আৰত ব্যস্ত মুখ্যমন্ত্ৰীৰ ঘোষণা - CM HBS IN KOKRAJHAR

বাথৌ পূজা আৰু পঞ্চম বড়ো শান্তি চুক্তি দিৱস উপলক্ষে কোকৰাঝাৰত একাধিক কাৰ্যসূচীত অংশগ্রহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । বিটিআৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

CM HBS IN KOKRAJHAR
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 28, 2025, 8:49 PM IST

Updated : Jan 28, 2025, 9:35 PM IST

কোকৰাঝাৰ: বি টি আৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যিমানেই বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনৰ কাষ চাপি আহিছে সিমানেই বিটিআৰত ব্যস্ততা বাঢ়িছে মুখ্যমন্ত্ৰীৰ । অহা ছেপ্টেম্বৰৰ ২০ তাৰিখৰ ভিতৰত বড়োভূমিৰ বি টি আৰত অনুষ্ঠিত হ’ব পৰিষদীয় নিৰ্বাচন ৷ মঙলবাৰে কোকৰাঝাৰত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ লগতে, বড়ো শান্তিচুক্তি ৰূপায়ণ আৰু এন ডি এফ বিৰ বিৰুদ্ধে থকা গোচৰ কিয় নোহোৱা কৰিব পৰা নাই এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকা প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ মন্তব্য ৷ ক’লে, দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৱে ল’ব নিৰ্বাচনী মিত্ৰতাৰ সিদ্ধান্ত ৷

বড়োভূমিৰ স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত স্বাক্ষৰিত হোৱা বড়ো শান্তি চুক্তি স্বাক্ষৰৰ পঞ্চম বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, “বড়ো শান্তি চুক্তি ২০২০ কেৱল এক চুক্তি নহয়, বি টি আৰত বাস কৰা সকলো সম্প্ৰদায়ৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ এক চুক্তি । হিংসাৰ পথৰ পৰা সমাজৰ মূল ধাৰালৈ উভতি অহা আমাৰ ভগ্নী-ভাতৃসকলে বি টি আৰৰ লগতে অসমৰ বিকাশত অৰিহণা যোগোৱাটো আনন্দৰ কথা ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বড়ো শান্তি চুক্তিৰ ৰূপকাৰ মোদী, নায়ক অমিত শ্বাহ :

বড়ো শান্তি চুক্তিৰ ফলত বড়োভূমিলৈ স্থায়ী শান্তি ঘূৰি অহা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ প্ৰশংসাত পঞ্চমুখ হ’ল মুখ্যমন্ত্ৰী শৰ্মা । মুখ্যমন্ত্ৰীৰ মন্তব্য, “২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱা দিনটো আছিল অসমৰ বাবে এক মাহেন্দ্ৰ-ক্ষণ । ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সদিচ্ছা আৰু বি টি আৰ নেতৃত্বৰ ঐকান্তিক প্ৰচেষ্টাৰ বলতেই অসমৰ জনতাক জুৰুলা কৰা দীৰ্ঘদিনীয়া বড়ো বিচ্ছিন্নতাবাদৰ অৱসান ঘটিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বড়ো শান্তি চুক্তিৰ ৰূপকাৰ, অমিত শ্বাহ ডাঙৰীয়া নায়ক ৷ আনহাতে নিখিল বড়ো ছাত্ৰ সন্থা আৰু এনডিএফবি মূল ঘটক ৷”

CM HBS IN KOKRAJHAR
কোকৰাঝাৰত ১০০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন অনুদানেৰে নিৰ্মিত ই এম এণ্ড এম চি এল এ আবাসগৃহ উদ্বোধন (ETV Bharat Assam)

পূজাৰ আগতেই বিটিআৰৰ নিৰ্বাচন :

দুৰ্গা পূজাৰ আগতেই অনুষ্ঠিত হ’ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন(BTR)ৰ পৰিষদীয় নিৰ্বাচন ৷ কোকৰাঝাৰত এই ঘোষণা মুখ্যমন্ত্ৰীৰ । সাংবাদিকৰে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অহা ২০ ছেপ্টেম্বৰৰ পূৰ্বেই অনুষ্ঠিত হ’ব বি টি আৰৰ নিৰ্বাচন ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বহু আগতেই বি টি আৰৰ নিৰ্বাচন পাতি সমাপ্ত কৰা হ’ব । দুৰ্গৰ পূজাৰ আগতেই বড়োভূমিৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব সেয়া নিশ্চিত ৷”

বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাৰে খেলিবনে নিৰ্বাচন :

বি টি আৰৰ এইবাৰৰ পৰিষদীয় নিৰ্বাচন দুই মিত্ৰ দল ইউ পি পি এল আৰু বিজেপিয়ে একেলগে খেলিব নে সুকীয়াকৈ খেলিব সেয়া অসমৰ ৰাজনীতিৰ এক বিশেষ চৰ্চিত বিষয় । কোকৰাঝাৰত মঙলবাৰে মুখ্যমন্ত্ৰীৰ ঘোষণা যে বিজেপি আৰু ইউ পি পি এলে একেলগে নে পৃথকে পৃথকে নিৰ্বাচন খেলিব সেয়া কৌশলগত আৰু নীতিগত কিৰণৰ ওপৰত নিৰ্ভৰ কৰিব ৷ দুই সভাপতি দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৱে আলোচনাৰে ল’ব সিদ্ধান্ত ৷ তেওঁ উল্লেখ কৰিলে এইদৰে, “নিৰ্বাচনী মিত্ৰতা নিৰ্ভৰ কৰিব দুই সভাপতি দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত । তেওঁলোকে একেলগে বহি সিদ্ধান্ত ল’ব ৷ যোৱাবাৰো আমি বিটিআৰত একেলগে নিৰ্বাচন খেলা নাছিলো । পিছত একেলগে চৰকাৰ কৰিছিলো । নীতি আৰু কৌশলৰ ওপৰত সেয়া নিৰ্ভৰ পৰিব । যদি একেলগে খেলিলে লাভ হোৱাৰ সম্ভাৱনা বেছি একেলগে খেলিব । যদি বেলেগ বেলেগকৈ খেলিলে বেছি লাভ হয় বেলেগকৈ নিৰ্বাচন খেলিব ।”

CM HBS IN KOKRAJHAR
কোকৰাঝাৰত আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Assam)

এন ডি এফ বিৰ বিৰুদ্ধে গোচৰ :

বড়ো শান্তি চুক্তি হ’ল যদিও ৩০ অক্টোবৰৰ অসমৰ নৰসংহাৰৰ মুখ্য অভিযুক্ত ৰঞ্জন দৈমাৰীকে ধৰি একাংশ বড়ো উগ্ৰপন্থী নেতা এতিয়াও কাৰাগাৰৰ ভিতৰত ৷ তেওঁলোকৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে । এই লৈ বিশেষকৈ বি টি আৰৰ নিৰ্বাচনৰ সময়ত বিজেপি প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে বড়োভূমিত । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে NIAৰ অধীনৰ গোচৰ অসম চৰকাৰলৈ হস্তান্তৰ কৰাৰ পোষকতা কৰি অভিযুক্তসকলক মুকলি কৰাৰ পোষকতা কৰিছে । ন্যায়ালয়ত থকা গোচৰসমূহ উঠাই ল’বৰ বাবে অসম চৰকাৰে কৰা চেষ্টাৰ কথাও সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীৰ মন্তব্য, “প্ৰাক্তন এন ডি এফ বিৰ লগত জড়িত প্ৰায়বোৰ কেচেই আমি উইড্ৰ' কৰিছো । সাত-আঠটা গোচৰ আমি শান্তি চুক্তি স্বাক্ষৰ কৰাৰ আগতেই চাৰ্জশ্বীট হৈ যোৱা কাৰণে সেই কাৰণে সেই গোচৰ কেইটাৰ ওপৰত সিদ্ধান্ত কৰ্টে ল’ব পাৰে ৷ কৰ্টক আমি অনুৰোধ কৰি আছো যে আমি চৰকাৰে শান্তিৰ বাবে কেচকেইটা উঠাই ল’ব বিচাৰো । তাৰবাবে কৰ্টৰ অনুমতিৰ প্ৰয়োজন । আমি চেষ্টা অব্যাহত ৰাখিছো আৰু সাত-আঠটা গোচৰ এন আই এৰ পৰা আমি অসম চৰকাৰলৈ আনিবলৈ চেষ্টা কৰি আছো যাতে গোচৰ কেইটা কৰ্টত থাকিলেও যাতে পৰিচালনা অসম চৰকাৰে কৰিব পাৰে, যাতে তাক আমি শান্তিৰ স্বাৰ্থত লৈ যাব পাৰো ।”

CM HBS IN KOKRAJHAR
বাথৌ পূজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীয়ে বড়োলেণ্ড আন্দোলনৰ শ্বহীদ পৰিয়াল আৰু ভুক্তভোগী পৰিয়ালৰ সদস্যক চেক বিতৰণ কৰে । লগতে, বড়োসকলৰ বাথৌ পূজাৰ দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিনজোৰা ব্যাপক কাৰ্যসূচীৰে বি টি আৰ ভ্ৰমণ কৰে । ভ্রমণকালত বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী বিশেষ উদযাপনত অংশগ্রহণ কৰি মুখ্যমন্ত্রীয়ে বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ আবক্ষ মূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক: অক্টোবৰত অনুষ্ঠিত হ'ব বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : ডাঃ ৰণোজ পেগু

Last Updated : Jan 28, 2025, 9:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.