Poor Road condition at Dibrugarh: প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে, ৰাইজৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 17 জুন: জৰাজীৰ্ণ বোকাময় পথে জ্বলা-কলা খুৱাইছে বৰবৰুৱাৰ পুৰণি বলাইৰ গাওঁবাসী ৰাইজক ৷ পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ পথৰ ওপৰত কঠিয়া সিঁচি অভিনৱ প্ৰতিবাদ ডিব্ৰুগড়ৰ পুৰণি বলাই গাওঁবাসীৰ ৷
ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ কোটোহা গাঁও পঞ্চায়তৰ পুৰণি বলাই গাঁৱৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে দিয়া প্ৰতিশ্ৰুতি অৱশেষত পৰিণত হ'ল ফুটুকাৰ ফেনত ৷ প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পুৰণি বলাই অঞ্চলৰ এই পথচোৱাৰে পেন্ট কোঁচাই হাতত জোতা ছেণ্ডেল লৈ বিদ্যালয়লৈ যাবলগীয়া হয় ছাত্ৰ- ছাত্ৰী সকল ৷ চিকিৎসাৰ বাবে ৰোগী নিবলৈ এই পথচোৱাৰে যাব নোৱাৰে এখন এম্বুলেঞ্চ কিম্বা অন্য কোনো বাহন ৷ ফলত বোকোচাত তুলি নিবলগীয়া হয় ৰোগীক ৷
এতিয়া এই পথচোৱাৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ ফলত বোকাময় পথৰ ওপৰতে কঠিয়া সিঁচি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে পুৰণি বলাই অঞ্চলৰ ৰাইজে ৷ এই পথচোৱা যতায়াতৰ সুচল ব্যৱস্থা কৰি নিদিলে অনাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে কোটোহা গাঁও পঞ্চায়তৰ পুৰণি বলাই গাঁৱৰ ৰাইজে ৷
লগতে পঢ়ক: Flood in Nagaon: বানৰ আশংকাই নিদ্ৰা হৰিছে কলংপৰীয়া ৰাইজৰ