Anti drugs campaign: ড্ৰাগছৰ বিৰুদ্ধে হাউলীত সংখ্যালঘু জনতাৰ সমদল - ড্ৰাগছ বিৰোধী কাৰ্যকলাপ বন্ধ
🎬 Watch Now: Feature Video
বৰপেটাৰোড, 14 আগষ্ট : ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰতা অব্যাহত আছে আৰক্ষী তথা প্ৰশাসনৰ ৷ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ লগতে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাচতো কিন্তু একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে বিভিন্ন পন্থা অৱলম্বন কৰি অব্যাহত ৰাখিছে ড্ৰাগছৰ ক’লা বেহা ৷ আনকি দিনক দিনে ড্ৰাগছৰ পয়োভৰ বৃদ্ধি পোৱা পৰিক্ষিত হৈছে বৰপেটা জিলাৰ হাউলী ৷ ফলত উদ্বিগ্ন হৈ পৰিছে অঞ্চলৰ সচেতন মহল ।
বৰপেটাৰ হাউলীৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছৰ বেহা বন্ধ কৰাৰ স্বাৰ্থত ওলাই আহিল বহু ৰাইজ ৷ হাউলীৰ পৰা ড্ৰাগছ বিৰোধী কাৰ্যকলাপ বন্ধ কৰাৰ লগতে সমাজত সজাগতা অনাৰ হেতুকে দেওবাৰে হাউলীৰ সংখ্যালঘু সচেতন ৰাইজে ৰাজপথত এক শোভাযাত্ৰা বাহিৰ কৰে ৷ এই শোভাযাত্ৰাত অঞ্চলটোৰ বহু লোকৰ লগতে হাউলীৰ বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : Drugs peddler detained : নলবাৰীত ৰাইজে ধৰি ড্ৰাগছ সৰবৰাহকাৰীক গতালে আৰক্ষীক