Public protest at Kakopothar : সুলভ মূল্যৰ চাউল হৰলুকি; ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জনতাৰ প্ৰতিবাদ - চাউল আত্মসাৎ কৰি বিক্ৰী
🎬 Watch Now: Feature Video
Published : Nov 11, 2023, 6:35 PM IST
তিনিচুকীয়া, ১১ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ডুমচি হাতীগড় গাঁৱত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৷ গনেশ মৰাণ নামৰ এজেণ্টগৰাকীৰ বিৰুদ্ধে এই অভিযোগ তুলিছে গ্ৰাহকসকলে ৷
ছেপ্টেম্বৰ মাহত চাউল গ্ৰাহকক প্ৰদান নকৰি সমুদায় চাউল আত্মসাৎ কৰি খুচুৰা বজাৰত বিক্ৰী কৰাৰ অভিযোগ এজেণ্টগৰাকীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, এজেন্টগৰাকীয়ে ৩০০ পৰিয়ালৰ বিপৰীতে প্ৰায় ৫০ কুইন্টল চাউল আত্মসাৎ কৰি বিক্ৰী কৰিছে ৷
স্থানীয় ৰাইজে এই সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তক বিগত ছেপ্টেম্বৰ মাহতে অভিযোগ দাখিল কৰিছিল ৷ কিন্তু ইমানৰ পিচতো আয়ুক্তগৰাকীয়ে এই বিষয়টো গুৰুত্ব দিয়া নাই ৷ এই অভিযোগ ভুক্তভোগী পৰিয়ালসমূহৰ ৷ সেয়ে শুক্ৰবাৰে উপায়ন্তৰ হৈ ৰাজপথলৈ ওলাই আহে বহু ৰাইজ ৷
সোণজান গাঁৱৰ মাধৱপুৰ চাৰিআলিত দিনৰ প্ৰায় দুই বজাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পঞ্চায়তৰ সভাপতি ৰূপী এজেন্টগৰাকীৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে পঢ়ক : Nirmal Ashray Home : পীড়িত বহু মহিলাৰ শেষ ঠিকনা ‘‘নিৰ্মল আশ্ৰয় গৃহ’’