Drunken youth: সন্ধিয়া হ’লে পানীটুপি ধৰি ডন হৈ পৰা পিতাইক গৰুৰ পঘাৰে বান্ধি পুলিচক চমজালে ৰাইজে
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 18 ছেপ্টেম্বৰ : ডিব্ৰুগড়ৰ জিলাৰ খোৱাঙত এজন যুৱকৰ উদ্ভণ্ডালিত অতীষ্ঠ হৈছে গাঁওবাসী । খোৱাং বাঁহবাৰী গাঁৱৰ মোহিত বৰা ওৰফে পিতাই নামৰ বিবাহিত যুৱকজনে মদ্যপান কৰি প্ৰায়ে সন্ত্ৰাস সৃষ্টি কৰি আহিছে গাঁওখনত । সন্ধিয়া হ’লেই হাতত চোকা অস্ত্ৰ লৈ এক প্ৰকাৰৰ ড’ন হৈ পৰে পিতাই ।
আন দিনৰ দৰে দেওবাৰে যুৱকজনে গাঁৱৰ এঘৰত সোমাই পৰিয়ালৰ লোকক আক্ৰমণ কৰিবলৈ উদ্যত হওতেই একাংশ লোকে যুৱকজনক গৰু পঘাৰে বান্ধি থয় গছত । নিশা আৰক্ষী উপস্থিত হৈ থানালৈ লৈ যায় মাতাল যুৱকজনক । আৰক্ষীয়ে যুৱকজনক গাড়ীত উঠোৱাৰ সময়তো এক প্ৰকাৰৰ আৰক্ষীক বিহু দেখুৱালে পিতায়ে ।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সুৰাৰ ৰাগীত মাতাল যুৱকজনৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যুৱকজনৰ পত্নীয়ে সন্তানসহ ইতিমধ্যে পিতৃৰ গৃহলৈ গুচি গৈছে । যুৱকজন বৰ্তমান খোৱাং আৰক্ষী থানাৰ আলহী বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Drunk youths on GS Road : জি এছ ৰোডত সুৰাত মগন ভয়াল ৰাতি; গাড়ী অভাৰটেক কৰাকলৈ দুই ফৈদৰ কাজিয়া