Dilapidated road in Tingkhong: ৬ বছৰে সম্পূৰ্ণ নহ'ল টিংখাঙৰ এটা গুৰুত্বপূৰ্ণ পথ - public demand to construct road in tingkhong

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 19, 2023, 1:48 PM IST

Updated : Jul 19, 2023, 2:01 PM IST

মৰাণ, ১৯ জুলাই: টিংখাঙৰ এটা নিৰ্মিয়মান পথৰ লেহেমীয়া নিৰ্মাণকাৰ্যই জ্বলাকলা খুৱাইছে স্থানীয় ৰাইজক । উল্লেখ্য় যে ২০১৭ চনত চিআৰএফ আঁচনিৰ অধীনত বামুণবাৰী তিনিআলিৰ পৰা আঘোণীবাৰী হৈ টিংখাং তিনিআলি চাহ-বাগিচা সংযোগী প্ৰায় ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  

নিৰ্মাণৰ ৬ বছৰ উকলি যোৱাৰ পিচতো ব্লক ইটা দিয়া পথটোৰ প্ৰায় ৪ কিলো মিটাৰ অংশৰ কাম আজিও সম্পূৰ্ণ হৈ নুঠিল । যাৰ ফলত ধমন ,চেঁচাবিল ,কচলু ,আঘোণীবাৰী আদি কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে । এই পথটোৰ ঠায়ে-ঠায়ে দ' গাঁতৰ সৃষ্টি হোৱাৰ ফলত  দৈনন্দিন জীৱন যাত্ৰাৰ লগতে ব্যৱসায়-বানিজ্যৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ বাসিন্দাসকলে ।  

আনহাতে, এজাক বৰষুণতে যাতায়ত বিধ্বস্ত হৈ পৰা পথটোৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী তথা ৰোগী আৰু প্ৰসূতি সকলে যমৰ-যাতনা ভোগ কৰি আহিছে । ঠিকাদাৰৰ হেমাহিৰ বাবেই নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠা পথচোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াক দাবী জনাইছে ভোক্তভোগী ৰাইজে ।

লগতে পঢ়ক:Assam Govt. Job Recruitment: ১০ ছেপ্টেম্বৰত ৩২ হাজাৰ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন: মুখ্যমন্ত্ৰীৰ ঘোষণা

Last Updated : Jul 19, 2023, 2:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.