Bamboo bridge in Bongaigaon:ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলঙৰে যাব নিদিয়ে বিধায়ক-সাংসদক - No bridge in North Abhayapuri of Bongaigaon

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:56 PM IST

বঙাইগাঁও, ২৯ আগষ্ট: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তগৰ্ত শ'লমাৰী আৰু শ'লমাৰী বজাৰ সংযোগী পোকালাগী নৈৰ সুঁতিৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং । জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি সমষ্টিটোৰ অন্তৰ্গত শ'লমাৰীৰ পৰা শ'লমাৰী বজাৰ সংযোগী জৰাজীৰ্ণ দলং নিৰ্মাণ কৰিলে ৰাইজে ।  

ক্ষুব্ধ ৰাইজে এই সমষ্টিটোৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু সাংসদ আব্দুল খালেকক নিৰ্বাচনৰ সময়ত ভোট বিচাৰি দলঙৰ ওপৰেদি পাৰ হোৱাৰ নিষেধ আৰোপ কৰিছে । দীৰ্ঘদিন ধৰি বৃহত্তৰ শ'লমাৰীৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে দলঙৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে । ৰাইজে এই ঠাইখনত প্ৰতি বছৰে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে । তাৰ পিছতো আজিলৈকে জনপ্ৰতিনিধি নাইবা চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই । উক্ত  ঠাইখনত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Rape accused escaped: কন্যাক ধৰ্ষণ পিতৃৰ; আটক কৰিবলৈ যোৱা গাঁওৰক্ষী বাহিনীৰ সদস্যক আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.