BVFCL Namrup :প্ৰতিবাদত উত্তাল নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰ - AAP Protest in Namrup
🎬 Watch Now: Feature Video
নাহৰকটীয়া ,২৪ জুলাই: নামৰূপ সাৰ কাৰখানা ৰক্ষাৰ দাবীত সোমবাৰে তৃতীয় দিনাও নামৰূপত ব্যাপক প্ৰতিবাদ অব্য়াহত । নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰ আজি সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী আৰু চৰকাৰ বিৰোধী শ্ল'গানত উত্তাল হৈ পৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আম আদমি পাৰ্টিয়ে পৃথকে পৃথকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক তৰংগ গগৈয়ে নিটি আয়োগৰ পৰামৰ্শ চৰকাৰে মানি নলয় বুলি কোৱা বক্তব্যক প্ৰতিবাদকাৰী সকলে কঠোৰভাৱে সমালোচনা কৰি নিটি আয়োগৰ অধ্যক্ষ কোন বুলিও প্ৰশ্ন কৰে । প্ৰতিবাদকাৰীসকলে কয় যে জনজাগৰণ ব্যাপক ৰূপত হ'লেহে চৰকাৰে সাৰ কাৰখানাৰ চতুৰ্থগোট নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব । অন্যথা সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷
লগতে পঢ়ক:BVFCL Namrup: নামৰূপ সাৰ কাৰাখানা সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ প্ৰতিক্ৰিয়া