ETV Bharat / state

সৰ্বোৎকৃষ্ট এখন আধুনিক আৰু গতিশীল বাজেট: দিলীপ শইকীয়া - UNION BUDGET 2025

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া । বাজেটে দীৰ্ঘদিনীয়া আশা পূৰণ কৰিলে বুলি মন্তব্য শইকীয়াৰ ।

BJP state president react over Union Budget 2025 in Delhi
বাজেট সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 7:31 PM IST

গুৱাহাটী: শনিবাৰে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট । যিখন বাজেটত উল্লেখ কৰা হ'ল অসমৰ বাবে বিশেষ সুবিধা । বাজেটত স্থান লাভ কৰিলে নামৰূপ সাৰ কাৰখানাৰ প্ৰসংগয়ো । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিত্ত মন্ত্রী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আশাৰ বাজেট আখ্যা দিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই ।

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "নামৰূপ সাৰ কাৰখানাৰ ১২.৭ মিলিয়ন মেট্ৰিক টন উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় বাজেটত স্থান পোৱাটো আমাৰ এটা ডাঙৰ প্ৰাপ্তি । ২৫০ টা নতুন পৰ্যটন ক্ষেত্র সৃষ্টি কৰা হৈছে আৰু ইয়াত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে এটা ভাল স্থান লাভ কৰিব । এই বাজেটে বিশেষকৈ যুৱ, মহিলা, কৃষক আৰু দুৰ্বল শ্ৰেণীক বিশেষ সবলীকৰণত গুৰুত্ব দিছে ।"

বাজেট সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ লগতে কয়, "এনে এখন সৰ্বাংগীন বিকাশৰ বাজেট দিয়াৰ বাবে মই বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণক ধন্যবাদ জনাইছো । বাজেটত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে । এইখন এখন উত্তম বাজেট । অসমৰ সকলো স্তৰৰ ৰাইজে এই বাজেটখনক আদৰি ল'ব ।"

লগতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "এই বাজেটখনে আমাৰ দীৰ্ঘদিনীয়া বহু আশা পূৰণ কৰাৰ উপৰি আমাক বিকাশৰ দ্ৰুততম গতিৰে আগবঢ়াই লৈ যোৱাৰ ইংগিত বহন কৰিছে । অসমৰ ঔদ্যোগিক উন্নয়নত এই বাজেটে অৰিহণা যোগাব । এই বাজেট সৰ্বোত্থানৰ এখন আধুনিক আৰু গতিশীল বাজেট । ১২ লাখ টকালৈকে কৰ ৰেহাই দিয়াটো এই বাজেটৰ এক অত্যন্ত উল্লেখনীয় দিশ ।"

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেট 2025: কৃত্ৰিম বুদ্ধিমত্তা কেন্দ্ৰ স্থাপনৰ বাবে 500 কোটি টকা আবণ্টন - UNION BUDGET 2025

আয়কৰত ডাঙৰ পৰিৱৰ্তন : বছৰি ১২ লাখ পৰ্যন্ত আয়ৰ ওপৰত নাথাকিব কোনো কৰ - UNION BUDGET 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.