Demanding ST Status : শিৱসাগৰত আহোম জনগোষ্ঠীৰ 11 টা সংগঠনৰ সংবাদমেল; জনজাতিকৰণৰ দাবীত ঐক্যবদ্ধভাৱে আন্দোলন কৰাৰ সিদ্ধান্ত - লোকসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
Published : Sep 27, 2023, 9:23 PM IST
শিৱসাগৰ, 27 ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত পুনৰ মূৰ দাঙি উঠিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই ৷ টাই আহোমকে ধৰি আন আন জনগোষ্ঠীৰ ৰাইজ তথা বিভিন্ন জনগোষ্ঠীয় দল-সংগঠনে চৰকাৰৰ ওচৰত এতিয়া জনজাতিকৰণৰ দাবী তীব্ৰতৰ কৰি তুলিছে ৷
জনজাতিকৰণৰ প্ৰসংগত বুধবাৰে শিৱসাগৰত আহোম জনগোষ্ঠীৰ 11 টা সংগঠনৰ সংবাদমেল ৷ আটাছু, টাইপা, আহোম জাতীয় মহাসভা, আহোম সেনাসহ 11 টা সংগঠনৰ প্ৰতিনিধিৰ জনজাতিকৰণৰ প্ৰসংগত সংবাদমেল ৷ সংবাদমেলত তেওঁলোকে কয় যে, 55 লাখ আহোম জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছে চৰকাৰে ৷ বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰাৰ ফল ভুগিব ৷ সংবাদমেলত এই হুংকাৰ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈৰ ৷
সংবাদমেলত জনজাতিকৰণৰ দাবীত ঐক্যবদ্ধভাৱে 11 টা সংগঠনে আন্দোলন কৰাৰ সিদ্ধান্ত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামতো আহোম জনগোষ্ঠীৰ ৰাজনৈতিক ক্ষমতা সংকোচিত কৰাৰ অভিযোগ সংগঠনকেইটাৰ নেতৃত্বৰ ৷ এনে প্ৰতাৰণাৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ আয়োজন কৰাৰ কথা সদৰী কৰে সংগঠনকেইটাৰ নেতৃত্বই ৷ লগতে লোকসভা নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় সংগঠনকেইটাই ৷
লগতে পঢ়ক : APCC: বাগানে বাগেনে কংগ্ৰেছৰ পাছত এইবাৰ চাঙে চাঙে, পাহাৰে পাহাৰে কংগ্ৰেছ যাত্ৰা