thumbnail

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 8:08 PM IST

ETV Bharat / Videos

Press conference on Child Protection: শিশু সুৰক্ষা সম্পৰ্কে নলবাৰীত জিলা শিশু সুৰক্ষা সমিতিৰ সংবাদমেল

নলবাৰী, ১৪ ছেপ্টেম্বৰ : ৰাজ্যজুৰি শিশু সুৰক্ষা সন্দৰ্ভত সুৰক্ষিত শিশু সোণালী শৈশৱ সজাগতা কাৰ্যসূচী অব্যাহত আছে ৷ ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকে নলবাৰী জিলা শিশু সুৰক্ষা গোটে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ জিলাখনতে শিশুৰ অধিকাৰ, শিশু সুৰক্ষা, শিশুৰ ওপৰত হ'ব পৰা বিভিন্ন নিৰ্যাতন আদিকে সামৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ স্বাৰ্থত সুৰক্ষিত শিশু সোণালী শৈশৱ শীৰ্ষক এক ৯০ দিনযোৰা বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীৰ লক্ষ্য হৈছে শিশুসকলৰ ভৱিষ্যত পংগু কৰিব পৰা মাৰাত্মক সামাজিক ব্যাধি যেনে শিশু শ্ৰমিক, বাল্য বিবাহ, শিশু সৰবৰাহ, শিশুৰ ওপৰত হ'বপৰা যৌন নিৰ্যাতন আদিৰ বিষয়ে জনসাধাৰণক সজাগ কৰা আৰু এই মাৰাত্মক ব্যাধিসমূহ সমাজৰ পৰা আঁতৰাই শিশুসকলক এক সোণোৱালী পথৰ সন্ধান দিব পাৰি । বৃহস্পতিবাৰে নলবাৰী জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰা হয় ৷

এই সংবাদমেলত জিলা শিশু সুৰক্ষা গোটে শিশু শ্ৰমিক উদ্ধাৰ, স্বাক্ষৰ অভিযান, দেৱাল লিখন, শিশু অধিকাৰ সন্দৰ্ভত সজাগতা সভা আদিৰ লগতে গাঁও আৰু ব্লক পৰ্যায়ত শিশু সুৰক্ষা সমিতি গঠন কৰাৰ কথা উল্লেখ কৰে ৷ এই সংবাদমেলত জিলা শিশু সুৰক্ষা বিষয়া জিতুল বৰাৰ লগতে কেইবাগৰাকীও শিশু অধিকাৰ কৰ্মী উপস্থিত থাকে ৷ ইতিমধ্যে সুৰক্ষিত শিশু সোণালী শৈশৱ সজাগতা কাৰ্যসূচীৰ ৯০ দিনত ১২ গৰাকী শিশু শ্ৰমীক উদ্ধাৰ কৰা হয় বুলিও সংবাদ মেলত জানিবলৈ দিয়ে জিলা শিশু সুৰক্ষা বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক: FCI Awareness Program: শিক্ষাৰ্থীৰ উদেশ্যে ভাৰতীয় খাদ্য নিগমৰ বিশেষ সজাগতা অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.