Ambubachi 2023 : অম্বুবাচী উপলক্ষে সহস্ৰাধিক ভক্তৰ সমাগম ঘটিছে কামাখ্যা ধামত

By

Published : Jun 20, 2023, 1:56 PM IST

thumbnail

গুৱাহাটী, ২০ জুন : উখল-মাখল নীলাচলৰ বুকু ৷ অতি ধুম-ধামেৰে মহা আয়োজন কৰা হৈছে পবিত্ৰ অম্বুবাচী মেলা ২০২৩ ৷ ইতিমধ্যে কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ২২ জুনৰ ৰাতি ২ বাজি ৩০ মিনিট ৪২ চেকেণ্ডত দেৱীৰ প্ৰবৃত্তি হ’ব । ২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব ।

২৬ জুনৰ পুৱা দেৱী স্নান, নিত্য পূজা সমাপনৰ পাচত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ’ব । ইতিমধ্যে অম্বুবাচী মেলা উপলক্ষে বহিঃ ৰাজ্যৰ পৰা কামাখ্যা মন্দিৰলৈ আগমণ ঘটিছে অগনন ভক্ত আৰু সাধু-সন্ন্যাসীৰ । বিগত দুই-তিনি দিনৰ পৰাই নীলাচলৰ বুকুত মা কামাখ্যা দেৱীৰ পূজা-অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে ভক্তসকল ৷

ঘন্টা, শংখ, দেৱীৰ স্তোতি আদিৰ ধ্বনিত মুখৰিত হৈ পৰিছে নীলাচলৰ বুকু ৷ জানিব পৰা মতে, নীলাচল পাহাৰৰ আশে-পাশে তীৰ্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব । লগতে কোনোও কোনো ধৰণৰ খাদ্য-সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব । মেলাৰ কেইদিনত অতি জৰুৰী বাহনৰ বাহিৰে ব্যক্তিগত আৰু বানিজ্যিক বাহনৰ প্ৰৱেশ নীলাচল পাহাৰত নিষিদ্ধ কৰিছে প্ৰশাসনে ।

আইন শৃংখলা তথা তীর্থ যাত্ৰীৰ সুৰক্ষাৰ বাবে দেৱালয়ে নিজাকৈ ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী, ৫০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছা সেৱক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰিছে । ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে ৪০০ CCTV কেমেৰা স্থাপন কৰা হৈছে ।

লগতে পঢ়ক : Bishnu Prasad Rabha : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ তম মৃত্যু দিৱসত পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ সৈতে বাৰ্তালাপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.