Preparations of Baresahariya Bhaona: হৰধনু আকৃতিৰ তোৰণেৰে আদৰণী জনাব বাৰে চহৰীয়া ভাওনালৈ - হৰধনু আকৃতিৰ তোৰণেৰে আদৰণী জনাব
🎬 Watch Now: Feature Video
চতিয়া,৪মাৰ্চ: সমগ্ৰ দেশৰে কলা সংস্কৃতিৰ অন্যতম একক আৰু বৃহৎ অনুষ্ঠান জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা(Baresahariya Bhaona Jamugurihat) । যিহেতু পদূলি মুখত বাৰেচহৰীয়া ভাওনা মহোৎসৱ ,সেয়ে দিন ৰাতি একাকাৰ কৰি শিল্প কৰ্মৰ লগত জড়িত শিল্পী সকলে নিজৰ নিজৰ কাম সমাধান কৰিবলৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । ইফালে আকৌ ঘৰে ঘৰে কোনোবাই মুল বাটচৰাৰ বৃহৎ বৃহৎ আকাৰৰ শৰাই, হৰধনু চন্দ্ৰ তাপ, প্ৰদৰ্শনীৰ তোৰণ কোনেৱে আকৌ মুল মণ্ডপত পদ্ম পুষ্প সদৃশ খলা নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰিছে(226th Baresahariya Bhaona of Jamugurihat) ।
বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ তোৰণ উপসমিতিৰ বিষয়ববীয়া তথা সদস্য সকলে বৃহৎ আকাৰৰ শৰাই বাঁহেৰে নিৰ্মাণ কৰিছে(Preparations of Baresahariya Bhaona in Jamugurihat) । বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰদৰ্শনী দ্বাৰৰ বাবে প্ৰায় ১০ ফুট উচ্চতাৰ শৰাই,তাৰ ওপৰত হৰধনু নিৰ্মাণ কৰিছে শিল্পীসকলে । অন্যহাতে ভাওনা মহোৎসৱলৈ সোমাই যাওতে মূল প্ৰৱেশদ্বাৰৰ বাবে নিৰ্মাণ কৰা হৈছে তিনিটা বাটচ’ৰা । ইয়াৰ উপৰিও প্ৰদৰ্শনী দ্বাৰৰ শৰাইৰ তলত চিত্ৰ ভাগৱতৰ অংকিত ছবিও জামুগুৰিহাটৰ চিত্ৰশিল্পী সকলে অংকন কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: Himanta Biswa on Rahul Gandhi : দেশক বদনাম কৰিছে ৰাহুল গান্ধীয়ে: হিমন্ত বিশ্ব শৰ্মা