Preparations for session of Bodo organization: জোনাইত তিনি বড়ো জাতীয় সংগঠনৰ অধিবেশনৰ প্ৰস্তুতি
🎬 Watch Now: Feature Video
জোনাই, ১২ নৱেম্বৰ: বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ ৩৮ সংখ্যক অধিৱেশন, বড়ো সাহিত্য সভাৰ জোনাই প্ৰাথমিক সমিতিৰ ৩৯ সংখ্যক তথা এবছুৰ জোনাই আঞ্চলিক সমিতিৰ ২৫ সংখ্যক অভিবৰ্তনৰ আয়োজন কৰা হৈছে । লগতে আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ ২১ সংখ্যক অভিবৰ্তনখনি অহা ১৫ আৰু ১৬ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হ'ব । জোনাইৰ ইউ এন মেম'ৰিয়েল বড়ো হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হ'ব এই তিনি বড়ো জাতীয় সংগঠনৰ অধিবেশন ৷
এই অধিবেশনক লৈ চলিছে ব্যাপক প্ৰস্তুতি ৷ উল্লেখ্য যে ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা বড়ো সাহিত্য সভাই বড়ো ভাষা, শিক্ষাৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলসভাৱে দায়িত্ব পালন কৰি অহিছে । সমান্তৰালভাৱে নিখিল বড়ো ছাত্র সন্থা আৰু নিখিল বড়ো মহিলা কল্যাণ পৰিষদেও বড়ো জাতিৰ শৈক্ষিক, আৰ্থ-সামাজিক, সাংস্কৃতিক, নাৰী সৱলীকৰণৰ লগতে ৰাজনৈতিক আদি দিশৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সংগ্ৰাম কৰি আহিছে ধাৰাবাহিকভাৱে ৷ ইফালে, উক্ত অধিবেশনৰ বাবে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আখৰা অব্যাহত ৰাখিছে যুৱক-যুৱতীসকলে ৷