Golaghat Book Fair : গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৰ লাইখুটা স্থাপন

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 3:23 PM IST

thumbnail

গোলাঘাট, 9 নৱেম্বৰ : "গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মৰ হেঁপাহ কমি যোৱা পৰিলক্ষিত হৈছে ৷ পূৰ্বতে এখন নতুন গন্থ বিপণিলৈ আহিলে পঢ়াৰ যিটো হেঁপাহ, সেই হেঁপাহ এতিয়া নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলৰ মাজত কমি গৈছে ৷" এই মন্তব্য খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ ৷ বৰ্তমান নৱ প্ৰজন্মই গন্থৰ পৰিৱৰ্তে ম’বাইলত ব্যস্ত থকাৰ বাবে গন্থ পঢ়াৰ আমেজ হেৰুৱাই পেলাইছে বুলি কয় তেওঁ ৷ 29 নবেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ লাইখুটা স্থাপন কৰি এই মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই ৷

“গোলাঘাট গন্থমেলালৈ যাঁও” শীৰ্ষক শ্ল’গানেৰে অভিযান আৰম্ভ কৰা গ্ৰন্থমেলাখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলোকে আহ্বান জনাইছে উদ্যোক্তাই ৷ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, বিভিন্ন দল-সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত প্ৰায় শতাধিক গ্ৰন্থ প্ৰকাশক আৰু গ্ৰন্থ বিপণিয়ে অংশগ্ৰহণ কৰিব বুলি জনাইছে উদ্যোক্তা সকলে ৷ "গোলাঘাট গ্ৰন্থমেলালৈ যাঁও" শীৰ্ষক শ্ল’গানেৰে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত গৈ প্ৰচাৰো চলাইছে উদ্যোক্তা সকলে ৷ 

লগতে পঢ়ক : Minister Bimal Borah: হার্টথ্ৰব জুবিন গাৰ্গৰ অসুস্থতাক লৈ উদ্বেগ প্ৰকাশ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.