লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ আয়োজন - কলগাছিয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ আয়োজন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 6:37 PM IST

জনীয়া, ৫ ডিচেম্বৰ: কলগাছিয়াৰ লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মূল সমিতিৰ পূৰ্ণাংগ কমিটী গঠনৰ ব্যাপক প্ৰস্তুতি । অহা ১০ ডিচেম্বৰত গঠন কৰা হ'ব সন্মিলনৰ পূৰ্ণাংগ কমিটীখন । বাল্য বিবাহ বন্ধ আৰু নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্য হ'ব প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলন । বৰপেটা জিলাৰ পশ্চিম প্ৰান্ত আৰু বঙাইগাঁও জিলাৰ পূৱ অভয়াপুৰীৰ মাজমজিয়াত অৱস্থিত ১৯৫৭ চনত স্থাপন হোৱা  লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্র-ছাত্ৰীৰ সন্মিলনৰ পূৰ্ণাংগ কমিটী গঠন সম্পৰ্কে আহ্বায়ক সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে ।  

এই সন্মিলনত সকলো পুৰণি ছাত্র-ছাত্ৰীয়ে একত্ৰিত হৈ বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়ন, সমাজত বৃদ্ধি পোৱা বাল্য বিবাহ, নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে কিদৰে কঠোৰ পদক্ষেপ হাতত ললে এই ব্যাধি সমূহক সমাজৰ পৰা নাইকীয়া কৰা যায় এই বিষয়ে মতবিনিময় কৰিব ।

মঙলবাৰে প্ৰাক্তন ছাত্র-ছাত্ৰী সন্মিলনৰ আহ্বায়ক সমিতিৰ সম্পাদক নুৰুল হুদা আলী আহমেদ, লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মালেক আহমেদ, প্ৰাক্তন ছাত্র- নুৰুল আমিন ছিদ্দিকৰ লগতে আহ্বায়ক সমিতিয়ে সিদিনা সকলো প্ৰাক্তন ছাত্র-ছাত্ৰীক উপস্থিত থাকিবলৈ  আহ্বান জনাইছে ।

লগতে পঢ়ক:চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি দ্য লাষ্ট অনাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.