thumbnail

Sankar Sangha Adhiveshan : শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ জোনাইত যুদ্ধকালীন প্ৰস্তুতি

By

Published : Jan 9, 2023, 10:25 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

জোনাইৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ প্ৰায় ৩০০ বিঘা ভূমি সামৰি পৰমানন্দ আতা ক্ষেত্ৰত আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক প্ৰাদেশিক অধিৱেশন ৷ এই অধিৱেশনৰ বাবে বৰ্তমান অব্যাহত আছে ব্যাপক প্ৰস্তুতি (Preparation for Sankardev Sangha annual conference) ৷ কেইবাটাও প্ৰতিনিধি শিবিৰ, ভোজনালয়, মঞ্চ আদি নিৰ্মাণৰ বাবে প্ৰতিদিনে শ শ ভকত বৈষ্ণৱ তথা ৰাইজে একগোট হৈ অব্যাহত ৰাখিছে নিৰ্মাণ কাৰ্য । দেওবাৰে ধেমাজি জিলাৰ লগতে বিভিন্ন জিলাৰ পৰা প্ৰায় তিনি সহস্ৰাধিক ভক্ত উপস্থিত হৈ অধিৱেশনস্থলীত মুখে মুখে হৰিনাম লৈ এক উখল মাখল পৰিৱেশৰ মাজত নৰা কটাৰ লগতে শিৱিৰ নিৰ্মাণেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিলে অধিৱেশনস্থলীৰ চৌহদ ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.