thumbnail

ওদালগুৰিৰ গুৰিহাটীত ৬৩ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 11:22 AM IST

ওদালগুৰি,২২ নৱেম্বৰ: শ্ৰীকৃষ্ণৰ ৰাসোৎসৱলৈ মাজত মাত্ৰ কেইটিমান ক্ষণ । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে তুংগত উঠিছে প্ৰস্তুতি । বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটীত ৰাস উদ্‌যাপন সমিতিয়ে আয়োজন কৰিছে ৬৩ সংখ্যক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ৷ ২৫ নৱেম্বৰ পৰা ৭ ডিচেম্বৰলৈ ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ উপৰি ধৰ্মীয় তথা আধ্যাত্মিক আলোচনা চক্ৰ, নাম-প্ৰসংগ অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱত ৷  

ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ বাবে আটকধুনীয়াকৈ বৈদ্যুতিক কাৰুকাৰ্যৰে শতাধিক মৃণ্ময় মূৰ্তিৰ সহায়ত শ্ৰীকৃষ্ণ লীলাৰ প্ৰদৰ্শনৰ ব্যৱস্থা, শিশু, যুৱক-যুৱতীৰ মনোৰঞ্জনৰ বাবে চাৰ্কাচ, মীনা বজাৰ, বিভিন্ন প্ৰদৰ্শনী আদিৰ ব্যৱস্থা কৰিছে ৷ আনহাতে এইবেলি ৰাস মহোৎসৱত বৃহত্তৰ অঞ্চলটোক প্ৰতিনিধিত্ব কৰা বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শন ৰাইজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব বুলি উদযাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: সৰুপথাৰত হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.