Raas and Majuli Music festival:মাজুলীৰ বতাহত ৰাস বন্দনাৰ লগতে মিউজিক ফেষ্টিভেলৰ ধ্বনি - raas 2023

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 11:35 AM IST

Updated : Nov 16, 2023, 1:16 PM IST

মাজুলী, 16 নৱেম্বৰ :  শীতকালচোৱালৈ যেন মাজুলীবাসীৰ অধীৰ আগ্ৰহ ৷ ইমূৰ-সিমূৰ থাকে মাথো কলাত্মক পৰিৱেশৰ আৱৰ্তত ৷ মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ আৰু কেইটামান দিন । ৰাসৰ পূৰ্ণ প্ৰস্তুতিৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ ৷ ৰাসৰ সমান্তৰালকৈ প্ৰস্তুতি চলিছে মিউজিক ফেষ্টিভেলৰো ৷ মাজুলীৰ খেৰকটীয়া নদীৰ পাৰত অনুষ্ঠিত হ’ব মাজুলী মিউজিক ফেষ্টিভেল ৷ 

খেৰকটীয়া নদীৰ পাৰত মাজুলী লখিমপুৰ জিলাৰ সীমান্তত লখিমপুৰ জিলাৰ আমবাৰীৰ বিশাল পথাৰত প্ৰস্তুতি চলিছে চতুৰ্থ মাজুলী সংগীত মহোৎসৱৰ । ২৪, ২৫ আৰু ২৬ নৱেম্বৰত খেৰকটীয়া নদীৰ পাৰত নিৰিবিলি নান্দনিক প্ৰাকৃতিক পৰিৱেশৰ মাজত তিনিদিয়াকৈ অনুষ্ঠিত হ’ব মাজুলী সংগীত মহোৎসৱ ৷  মাজুলীৰ খেৰকটীয়া নদীৰ পাৰত সংগীতৰ লহৰ তুলিবলৈ আহিব বলীউডৰ খ্যাতনামা সংগীত শিল্পী পদ্মশ্ৰী কৈলাশ খেৰ, তুষাৰ জোশী, সনা মহাপাত্ৰ ।

ইয়াৰ উপৰিও বহু কেইগৰাকী জনপ্ৰিয় শিল্পীৰ লগতে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সান্নিধ্য ভূঞা, প্ৰবীণ বৰাকে ধৰি অসমৰ লগতে ভাৰতৰ বিভিন্ন ব্ৰেণ্ডে অংশগ্ৰহণ কৰিব এই সংগীত মহোৎসৱত । দিনৰ ভাগত মাজুলীৰ বিভিন্ন সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন এডভেঞ্চাৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি জনাইছে আয়োজকসকলে । ৰাসৰ সমান্তৰালকৈ ৰাইজে শীতৰ নিশা উপভোগ কৰিব পাৰিব তিনিদিয়াকৈ অনুষ্ঠিত হোৱা মিউজিক ফেষ্টিভেল । আয়োজকসকলে আশা কৰিছে ৰাসৰ সময়তে এই অনুষ্ঠান আয়োজন কৰাৰ বাবে দুই অনুষ্ঠান ৰাইজে খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব ৷

লগতে পঢ়ক : Majuli Music Festival controversy:মই যদি বেয়া কাম কৰিছো ভগৱানে মোক চাপৰ্ট নিদিব-মুকুল দলে

                    Majuli Raas festival : আগন্তুক ৰাসৰ বাবে সাজু মাজুলীৰ পাৰ ঘাটসমূহ

Last Updated : Nov 16, 2023, 1:16 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.