Bihu Celebration In Assam: টীয়ক নগৰৰ মাজমজিয়াত ৰঙালী বিহুক আদৰণি - Bihu Celebration at Teok

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 13, 2023, 3:16 PM IST

টীয়ক, 13 এপ্ৰিল: আজি উৰুকা ৷ সমগ্ৰ ৰাজ্যবাসী ব্যস্ত আপোন বিহুটিক আদৰাত ৷ বজাৰত লাও, বেঙেনা, নতুন পঘা, মাহ, হালধি কিনাত ব্যস্ত সকলো ৷ বজাৰৰ ভিৰৰ সমান্তৰালকৈ ৰাজ্যবাসীয়ে বিহু মাৰিবলৈ পাহৰি যোৱা নাই (Bihu Celebration at Teok) ৷ আজি উৰুকাৰ দিনৰে পৰা ঘৰুৱা সকলো কম-কাজ কৰি বিহু হুঁচৰি জুৰিছে চেমনীয়াসকলে ৷ 

টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰেণু বড়া মেমৰিয়েল একাডেমীতো দেখা গ’ল ব্যতিক্ৰমী দৃশ্য ৷ একাডেমীখনৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলো একত্ৰিত হৈ আজি উৰুকাৰ ব্যস্ততাৰ মাজতে এইদৰে টীয়ক নগৰৰ মাজমজিয়াত অসমীয়াৰ আবেগৰ ৰঙালী বিহুটিক আদৰণি জনাইছে ৷ উপস্থিত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ঢোলৰ ছেৱে ছেৱে নাচনীয়ে কঁকাল ভাঙিছে (Pre Rangali Bihu Celebration at TEOK IN Jorhat) ৷  

উল্লেখযোগ্য যে, জাতীয় কৃষ্টি-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ অনান্য শিক্ষানুষ্ঠানৰ লগতে ৰেণু বড়া মেমৰিয়েল একাডেমীয়ে পূৰ্বৰে পৰা এইদৰে উৰুকাৰ দিনা বিহু উদযাপন কৰি আহিছে ৷ পুৱাই ঘৰুৱা কাম-কাজ, বজাৰ-সমাৰ কৰি শিক্ষক,কৰ্মচাৰী সকলো উলাই আহি পিঠা-পনা, জা-জলপান একেলগে গ্ৰহণ কৰি বিহুৰ পৰম্পৰা অটুত ৰাখিছে ৷ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাতৃত্ববোধ, ঐক্য তথা অসমীয়াৰ পৰম্পৰা জীয়াই ৰাখিবলৈ এয়া এক সামান্য প্ৰয়াস বুলি অভিহিত কৰি আগলৈও এইদৰে জাতীয় কৃষ্টিৰ চৰ্চা অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰিছে একাডেমী কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.