Bishwakarma Puja 2023: পালেহি বিশ্বকৰ্মা পূজা; প্ৰতিমাত শেষ পৰশ বুলাইছে মৃৎশিল্পীয়ে - বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 7:52 AM IST

ধেমাজি, 15 ছেপ্টেম্বৰ: সমাগত বিশ্ব খনিকৰৰ বিশ্বকৰ্মা পূজা ৷ পূজালৈ মাজত মাত্ৰ দুটামান দিন বাকী ৷ বিশ্ব খনিকৰৰ পূজাৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে এতিয়া মৃন্ময় মূৰ্তি নিৰ্মাতাসকল ৷ মৃন্ময় মূৰ্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত এতিয়া মৃৎশিল্পীসকল ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ধেমাজি নগৰৰ একমাত্ৰ মৃৎশি‌ল্প প্ৰতিষ্ঠান নটৰাজ শিল্পালয়ত এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ ৰাতি দিন একাকাৰ কৰি নটৰাজ শিল্পালয়ৰ সকলো কৰ্মী এতিয়া মূৰ তুলিবলৈ আহৰি নাই ৷ লক্ষ্য গ্ৰাহকে বিচৰা ধৰণেই সময়মতে মূৰ্তি যোগান ধৰা ৷

এইবেলি মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনৰ হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কিছু বাধাৰ সৃষ্টি কৰিছে মৃৎশিল্পীসকলক ৷ তথাপিও পৰম্পৰা ৰক্ষা কৰি প্ৰতিজন মৃৎশিল্পীয়ে কৰি গৈছে নিজ নিজ কৰ্ম ৷

লগতে পঢ়ক : Bishwakarma Puja 2023: বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত ছয়গাঁৱৰ মৃৎশিল্পী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.