thumbnail

Poor condition of Teok MUGA project: কেনে আছে জগদুৱাৰস্থিত মুগা সঁচ উন্নয়ন প্ৰকল্প ?

By

Published : Oct 20, 2022, 9:01 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

চৰকাৰে চহা কৃষকৰ বাবে বিভিন্ন অভিলাষী আঁচনি নিতৌ ঘোষণা কৰি আহিছে । তাৰ সমান্তৰালকৈ কৃষকৰ সৈতে জড়িত চৰকাৰৰ বিভিন্ন বিভাগসমূহে বিভিন্ন আঁচনি, প্ৰকল্প আদি প্ৰস্তুত কৰিছে । ইয়াৰ ভিতৰত অন্যতম হৈছে টীয়কৰ জগদুৱাৰস্থিত ৰেচম বিভাগৰ অভিলাষী আঁচনি মুগা সঁচ উন্নয়ন প্ৰকল্প কেন্দ্ৰ (MUGA project Muga Seed Development Project Centre)। প্ৰায় ৯০ বিঘা ভূমি সামৰি স্থাপন কৰা এই মুগা সচঁৰ প্ৰকল্পটোৱে আজি পৰ্যন্ত স্থানীয় কোনো কৃষকক উপকৃত কৰিব পৰা নাই ৷ লগতে চৰকাৰে প্ৰয়োজনীয় বীজকে ধৰি অনান্য সা-সুবিধাসমূহ সময়মতে যোগান নধৰাত উক্ত প্ৰকল্পত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়ে এতিয়া শুই বহিয়েই সময় অতিবাহিত কৰিবলগীয়া হৈছে (Poor condition of Teok MUGA project) । ইপিনে উপযুক্ত ব্যৱহাৰৰ অভাৱত এতিয়া জহি খহি গৈছে এই প্ৰকল্পৰ আন্তঃগাঁথনিকে ধৰি অনান্য সামগ্ৰীসমূহ । সেয়ে কেৱল আঁচনি ঘোষণা, ৰূপায়ণ আদিতে সীমাবদ্ধ নাথাকি শাসনাধীস্থ চৰকাৰক এইসমূহ প্ৰকল্পক সুচাৰুৰূপে গঢ়ি তুলিবলৈ আছুৱে আহ্বান জনাইছে ৷ অন্যথা পৰৱৰ্তী দিনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ বিষয়ববীয়াই ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.