Jorhat Sabarmati Gandhi Ashram: স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চাওঁ আহক অৱহেলিত এখন গান্ধী আশ্ৰম - যোৰহাটৰ সৰ্বাইবন্ধাৰ গান্ধী আশ্ৰম
🎬 Watch Now: Feature Video
যোৰহাট, ১৪ আগষ্ট : স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে অতি ধুমধামেৰে উদযাপন কৰিছে ‘‘স্বাধীনতাৰ অমৃত মহোৎসৱ’’ । কেন্দ্ৰীয় এই উপলক্ষে গ্ৰহণ কৰিছে বহু ন ন আঁচনি । কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালভাৱে অসম চৰকাৰেও দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷
ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থান, কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰাৰ লগতে বহু ঐতিহাসিক তথা দেশৰ স্বাধীনতাৰ লগত সংগতি থকা স্থানক পূৰ্ণাংগ ৰূপত ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে । এইসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । কিন্তু বৰ্তমানো ৰাজ্যত এনে বহু স্থান আছে যিসমূহ বিভাগীয় তথা চৰকাৰৰ অৱহেলাৰ বাবে ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ভূত বাংলালৈ পৰিণত হৈছে ।
দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত যি স্থান লোকৰণ্য হৈ পৰিছিল, সেই স্থান এতিয়া পৰিণত হৈছে এৰাবাৰীলৈ । তেনে এক ঐতিহাসিক স্থান হৈছে যোৰহাটৰ সৰ্বাইবন্ধাৰ "গান্ধী আশ্ৰম" । যি "গান্ধী আশ্ৰম"ক জনা যায় দ্বিতীয় "সাৱৰমতি আশ্ৰম" বুলি । কিন্তু চৰকাৰ অৱহেলা বাবে যোৰহাটৰ এই গান্ধী আশ্ৰম এতিয়া এৰাবাৰীলৈ পৰিনত হোৱা অভিযোগ উঠিছে ।
চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক ৰাইজে বাৰম্বাৰ এই স্থান সংৰক্ষণ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও সকলো পক্ষৰে অৱহেলাৰ বাবে আজিও উপেক্ষিত এই "গান্ধী আশ্ৰম" । প্ৰত্যেক বছৰেই দেশৰ স্বাধীনতা দিৱসৰ পূৰ্বে ৰজা ঘৰে এই আশ্ৰম পৰিভ্ৰমণ কৰি ইয়াক সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে গৃহটিৰ চৌদিশৰ হাবি জংঘল কাটি মুকলি কৰি তোলে যদিও কিন্তু পৰৱৰ্তী সময়ত ই পুনৰ হাবি জংঘলে আৱৰি পৰিণত হয় এৰাবাৰীলৈ ।
লগতে পঢ়ক : 77th independence day : কোন মন্ত্ৰীয়ে, ক’ত তুলিব স্বাধীনতা দিৱসৰ পতাকা ?