Poor electricity connection: মৰাণত বাঁহৰ খুঁটাত ওলমিছে বৈদ্যুতিক তাঁৰ

By

Published : Aug 4, 2023, 1:57 PM IST

thumbnail

মৰাণ, 4 আগষ্ট : এফালে বিদ্যুতৰ মাচুল বৃদ্ধি, আনফালে বাঁহৰ খুঁটা আৰু গছৰ ডালত চলিছে বিদ্যুৎ যোগান । যেন মৰণফাণ্ড পাতিছে বিদ্যুৎ বিভাগে । মৰাণ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত মৰাণৰ চেঁ‌চুঘাটত মৰণফাণ্ড সদৃশ পৰিৱেশ সৃষ্টি কৰিছে বিদ্যুৎ বিভাগে ।

অঞ্চলটোৰ বিভিন্ন স্থানত 220 ভল্টৰ আওপুৰণি বিদ্যুতৰ তাঁৰসমূহ ওলমি পৰিছে । যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, বিদ্যুতৰ পুৰণি হৈ পৰা খুঁটা আৰু তাঁৰসমূহ বিভাগে সলনি কৰি নিদিয়াত উপায়ন্তৰ ৰাইজে বাঁহৰ খুঁটা আৰু গছৰ ডাল পুঁতি কোনোমতে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি লৈছে ।

বিভিন্ন স্থানত এতিয়াও বিদ্যুৎ সৰবৰাহ হৈ থকা তাঁৰসমূহ ওলমি আছে । যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন ঘটাৰ শংকাবোধ কৰিছে ৰাইজে । স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক বাৰে বাৰে খুঁটা আৰু তাঁৰসমূহ সলনি কৰিবলৈ অনুৰোধ কৰি আহিছে যদিও বিভাগে কোনো গুৰুত্ব দিয়া নাই । সেয়ে ৰাইজে পুনৰ বিদ্যুৎ বিভাগক অতি সোনকালে নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে ।

উল্লেখযোগ্য যে, কেইদিনমানৰ দিনৰ পূৰ্বে মৰাণত সংঘটিত হৈছিল ভয়ংকৰ আৰু মৰ্মান্তিক ঘটনা । বিদ্যুতৰ তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু হৈছিল যদিও এই ঘটনাৰ পৰাও যেন বিদ্যুৎ বিভাগে শিক্ষা ল'ব পৰা নাই ।  

লগতে পঢ়ক : Wild elephants died : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ পোৱালিসহ তিনিটা বন্যহস্তীৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.