Firing at Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত আহত দুই চোৰাং চিকাৰী

By

Published : Jun 7, 2023, 6:54 PM IST

thumbnail

বৰপেটা, 7 জুন: বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত (Manash National Park) গুলীচালনাৰ ঘটনা ৷ বনকৰ্মীৰ গুলীত আহত দুই চোৰাং চিকাৰী ৷ বুধবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা বনাঞ্চলৰ মুছলপুৰ ডিভিজনত সংঘটিত হয় এই ঘটনা ৷  

ভূঞাপাৰাৰ বন বিষয়া কামেশ্বৰ বড়ো আৰু কোকলাবাৰী বীটৰ দিপাংক দাসৰ নেতৃত্বত ৰাষ্ট্ৰীয় উদ্যানখনত চলিছিল অভিযান ৷ অভিযানত সময়ত পলায়নৰ চেষ্টা কৰোঁতে দুই চোৰাং চিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰ্মে বনকৰ্মীৰ দলে ৷ আহত চোৰাং চিকাৰীদ্বয়  ধৰ্মেন্দ্ৰ ৱাৰী আৰু গোপাল বাহাদুৰ মগৰ বুলি জানিব পৰা গৈছে (Firing at Manash National Park) ৷  

হাত আৰু পিঠিত গুলী লাগিছে চোৰাং চিকাৰী দুটাৰ ৷ এই অভিযানত দুয়োৰে পৰা পাঁচটা হাতে সজা বন্দুক, কেইবাজাঁই সক্ৰিয় গুলী আৰু বন গাহৰিৰ মাংস উদ্ধাৰ কৰা হৈছে ৷ সম্প্ৰতি বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন দুই চোৰাং চিকাৰী ৷  

লগতে পঢ়ক: Tense situation in Krishnai:কৃষ্ণাইত চোৰাং কাঠব্যৱসায়ীৰ আক্ৰমণত নিহত বনকৰ্মী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.