thumbnail

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:42 AM IST

Updated : Dec 25, 2023, 12:32 PM IST

ETV Bharat / Videos

এয়া বনভোজৰ বতৰ, লোকাৰণ্য ভৈৰৱকুণ্ড

ওদালগুৰি, 25 ডিচেম্বৰ : লোকাৰণ্য হৈ পৰিছে অসমৰ ওদালগুৰি জিলাৰ ত্ৰিবেনী সংগম খ্যাত ভৈৰৱকুণ্ড ৷ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই হাত-বাউল দি মাতিছে পৰ্যটকক ৷ ভৈৰৱকুণ্ড ৰাজ্যখনৰ এখন অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী ৷

এতিয়া ৰাজ্যজুৰি বনভোজৰ বতৰ ৷ পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰাকক্ষণ ৷ বন্ধু, আত্মীয়, কুটুমৰ সৈতে তৃপ্তিৰে এসাঁজ খোৱাৰ আশাৰে ৰাজ্যৰ বনভোজস্থলীসমূহত বনভোজকাৰীয়ে ভিৰ কৰিছেহি ৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ বনভোজস্থলী "ভৈৰৱকুণ্ড"ও ৷

অসম, অৰুণাচল প্ৰদেশৰ লগতে বহিঃৰাষ্ট্ৰ ভূটানৰ সংযোগস্থল হোৱাৰ বাবে ভৈৰৱকুণ্ড ত্ৰিবেনী সংগম নামেৰে জনাজাত। ভূটান, অৰুণাচলৰ পাহাৰৰে আৱৰা নৈসৰ্গিক দৃশ্য, শুভ্ৰশীলাময়, কুলু কুলু নৈৰ শব্দই সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷ ইতিমধ্যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে ভিৰ কৰিছেহি ভৈৰৱকুণ্ডত ৷ 

লগতে পঢ়ক: স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি লংকেশ্বৰত চোৰৰ হাত চাফাই অভিযান

Last Updated : Dec 25, 2023, 12:32 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.