thumbnail

Anti drug campaign: নিচাজাতীয় টেবলেটসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:07 PM IST

Updated : Oct 23, 2023, 7:17 PM IST

নলবাৰী, 23 অক্টোবৰ: ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষী যিমানেই কঠোৰ হৈছে সৰবৰাহকাৰীসকলে নিতৌ ন ন কৌশলেৰে চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা । পূজাৰ আনন্দৰ মাজতে নলবাৰীত পুনৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । 

ড্ৰাগছ সৰবৰাহৰ অভিযোগত নলবাৰীত আৰক্ষীয়ে আটক কৰে এজনক ৷ নলবাৰীৰ বদনি আখিয়াত আৰক্ষীয়ে এজন সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । বদনি আখিয়াত আদাবাৰী পহৰা আৰক্ষী চকীয়ে চলাই এই অভিযান । অভিযানত 185 টা নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে । 

আৰক্ষীৰ এই অভিযান কালত এজন সৰবৰাহকাৰীক আটক কৰা হয় । আটকাধীন সৰবৰাহকাৰীটো বদনি আখিয়াৰ ছাইদুল হক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে সৰবৰাহকাৰী ছাইদুল হ’ক ।

দীৰ্ঘদিন ধৰি ছাইদুলে নিচাজাতীয় টেবলেটৰ বেহা চলাই অহাৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

লগতে পঢ়ক: Last rites of Dr Birendranath Dutta : ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব ড৹ বীৰেন্দ্ৰনাথ দত্তৰ শেষকৃত্য

Last Updated : Oct 23, 2023, 7:17 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.