KMSS Press Meet: মিছন বসুন্ধৰাৰ অনিয়ম সন্দৰ্ভত সংবাদমেল - মিছন বসুন্ধৰাৰ অনিয়ম সন্দৰ্ভত সংবাদমেল
🎬 Watch Now: Feature Video
তিনিচুকীয়া,২৬ মে': যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ থলগিৰি খিলঞ্জীয়া জনগণৰ সুবিধা হোৱাকৈ মিছন বসুন্ধৰাৰ জড়িয়তে ঘৰে ঘৰে ম্যাদী পট্টা প্ৰদানৰ সুলভ ব্যৱস্থা আগবঢ়োৱা পৰিলক্ষিত হৈছে তেনে সময়ত তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰত এখনে বিপৰীত ছবিয়ে গা কৰি উঠিছে (Corruption in Mission Bashundhara Scheme in Tinsukia) ৷
বহুসংখ্যক ভুক্তভোগীয়ে আঁচনি ৰূপায়ণৰ নামত হৈ থকা আঁসোৱাহ তথা বিষয়াসকলে আঁচনিৰ হিতাধিকাৰিক বগা হাতীসদৃশ কৰি ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছে (PC on corruption in Mission Bashundhara in Tinsukia) ৷ বিশেষকৈ ডুমডুমা ৰাজহ চক্ৰত হৈ থকা থকা অনিয়ম, ব্যাপক দুৰ্নীতি, নিকৃষ্ট ব্যৱহাৰে বাৰুকৈয়ে সাঁপজান মৌজাবাসীক বিপাঙত পেলাইছে ।
সেয়েহে শুকুৰবাৰে হাতীগড় যুৱকসংঘৰ কাৰ্যালয়ত চৰকাৰৰ দৃষ্টি নিৱদ্ধ কৰাৰ উদ্দেশ্যৰে এখনি সংবাদমেল সম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS Press Meet), হাতীগড় যুৱক সংঘই হাতীগড়, ডেংকা, লেচেংকাৰ মিচন বসুন্ধৰা আঁচনিত হিতাধিকাৰীৰ বাবে আবেদন কৰা ভুক্তভোগী ৰাইজৰ বিভিন্ন সমস্যা অৱগত কৰে ।
লগতে পঢ়ক: Story of Football Player: ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নামৰূপৰ চিৰঞ্জীত গগৈ
TAGGED:
KMSS Press Meet