Pathetic condition of health centre: জোনাইৰ এটা স্বাস্থ্য কেন্দ্ৰৰ পয়ালগা দৃশ্য

By

Published : Mar 7, 2023, 1:17 PM IST

thumbnail

জোনাই, 7 মাৰ্চ : জোনাইৰ এটা স্বাস্থ্য কেন্দ্ৰৰ দুখলগা ছবিয়ে চকু কপালত তুলিছে ৰাইজৰ ৷ অস্থায়ী চিকিৎসক, কৰ্মচাৰীৰে চলি আছে এই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো । লগতে এৰাবাৰীত পৰিণত হৈছে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিৱেশ (pathetic condition of health centre in Jonai) ।

জোনাইৰ চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ পয়ালগা দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব । স্বাস্থ্যকেন্দ্ৰটোৰ লগতে আৱস গৃহসমূহ ভাঙি চিঙি এৰাবাৰীলৈ পৰিণত হৈছে ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো স্থায়ী চিকিৎসক, কৰ্মচাৰীও ৷

চিমেন চাপৰিৰ বৃহৎ অঞ্চলটোৰ চিকিৎসা সেৱাৰ বাবে ২০১৯ চনতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল এই প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটো । কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে নিযুক্তি নিদিলে কোনো চিকিৎসক তথা নাৰ্চ ৷ লগতে যোগান ধৰা নহ'ল কোনো ঔষধ-পাতিৰ লগতে চিকিৎসা সামগ্ৰী ।

আনহাতে স্বাস্থ্য কেন্দ্ৰটোৰ সকলোবোৰ কোঠা এফালৰ পৰা ভাঙি যোৱাৰ লগতে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে । বৰ্তমানে এজন অস্থায়ী চিকিৎসক আৰু এখন ফাৰ্মাচীৰ বাহিৰে নাই কোনো কৰ্মচাৰী ৷ চিমেন চাপৰিৰ দৰে এক বৃহৎ অঞ্চলত স্বাস্থ্যসেৱাৰ নামত মাত্ৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱেই আছে যদিও তাতো উপযুক্ত আহিলা পাতি আৰু চিকিৎসক-নাৰ্চ তথা কৰ্মচাৰীৰ অভাৱ ৷

চিন্তিত ৰাইজে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক অতি শীঘ্ৰেই বৃহৎ অঞ্চলটোৰ চিকিৎসা সেৱাৰ সুবিধাৰ্থে প্ৰয়োজনীয় চিকিৎসক আৰু কৰ্মচাৰী নিযুক্তি দিয়াৰ লগতে ঔষধ আৰু আহিলাপাতি যোগান ধৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : Mother attacked by drugs peddler: নগাঁৱত মাতৃক আক্ৰমণ ড্ৰাগছ ব্যৱসায়ী পুত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.