thumbnail

By

Published : Jun 23, 2023, 3:15 PM IST

ETV Bharat / Videos

Pathetic condition of a road: শোচনীয় পথে জ্বলা-কলা খুৱাইছে ধেমাজিবাসীক

জোনাই, ২৩ জুন: ধেমাজি জিলাৰ মালিনীপুৰ গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট-পথসমূহে জ্বলা-কলা খুৱাইছে পঞ্চায়তবাসী ৰাইজক । চিলাপথাৰ নগৰৰ নিচেই কাষতে লাগি থকা মালিনীপুৰ গাঁও পঞ্চায়তৰ চিলাপথাৰ লিকাবালি পথৰ এম ই এছৰ পৰা ১ নং ফুলবাৰী,২ নং ফুলবাৰী, মালিনীপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়, ঘগৰা হৈ জিপুবস্তি সংযোগী পথচোৱা দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে ।  

পথচোৱাত বৃহৎ বৃহৎ আকাৰৰ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে পথচোৱাৰ ঘগৰা অঞ্চলত থকা পাহাৰীয়া খৰস্ৰোতা মেকুৰী নলাৰ ওপৰত দলং, কালৰ্ভাট নথকাৰ ফলত অঞ্চলবাসী ৰাইজে যন্ত্ৰণা ভোগ কৰি যাতায়ত কৰিব লগা হৈ আহিছে । সমাগত পঞ্চায়ত অথবা লোকসভা নিৰ্বাচনৰ পূৰ্বেই শোচনীয় পথচোৱা সূচল কৰি নুতুলিলে ভোট বৰ্জন কৰাৰো ভাবুকি প্ৰদান কৰে ৰাইজে ।  

মালিনীপুৰ গাঁও পঞ্চায়তৰ জৰাজীৰ্ণ বাট-পথসমূহ পুনৰ নিৰ্মাণ কৰি যাতায়তৰ সুচল কৰিবলৈ সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি চমৰাজ পুৰী, সাধাৰণ সম্পাদক দিলিপ খনাল আদিয়ে সজোৰে দাবী উত্থাপন কৰে । 

লগতে পঢ়ক: International Olympic Day 2023: ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.