ETV Bharat / sports

ছন্দ হেৰুৱাইছে সুমিত নাগালে; ছাংহাই মাষ্টাৰ্ছৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ - SUMIT NAGAL

author img

By ETV Bharat Sports Team

Published : 2 hours ago

Sumit Nagal exits Shanghai Masters: অব্যাহত আছে ভাৰতৰ শীৰ্ষ টেনিছ খেলুৱৈ সুমিত নাগালৰ দুৰ্বল প্ৰদৰ্শন ৷ বুধবাৰে ছাংহাই মাষ্টাৰ্ছৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হয় টেনিছ তাৰকাগৰাকী ৷

SUMIT NAGAL
সুমিত নাগাল (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ: ভাৰতীয় টেনিছ তাৰকা সুমিত নাগালৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে ৷ ছাংহাই মাষ্টাৰ্ছ টেনিছ প্ৰতিযোগিতাত বুধবাৰে প্ৰথম ৰাউণ্ডত পোনপটীয়া ছেটত পৰাজয়ৰ সন্মুখীন হয় খেলুৱৈগৰাকী ।

27 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী চীনৰ ৱু য়িবিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি 6-3, 6-3 ছেটত পৰাস্ত হোৱাৰ পিছত প্ৰথম ৰাউণ্ডতে অভিযান সামৰিবলগীয়া হয় টেনিছ তাৰকাগৰাকীয়ে ৷

শেহতীয়াকৈ ছুইডেনৰ বিৰুদ্ধে ডেভিছ কাপত অংশগ্ৰহণৰ বাবে অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনৰ সৈতে হোৱা বিবাদৰ বাবে নাগালে দখল কৰিছিল বাতৰিৰ শিৰোনাম ৷ অৱশ্যে একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰথম ৰাউণ্ডত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় খেলুৱৈগৰাকী ৷

আগষ্ট মাহত নেদাৰলেণ্ডৰ টেলন গ্ৰীকছপুৰৰ হাতত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডত ইউ এছ অ’পেনৰ পৰা বাহিৰ হৈছিল সুমিত নাগাল ৷ ইউ এছ অ’পেনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল নাগালে ।

পিঠিৰ আঘাতত ভূগি থকা নাগালে ডেভিছ কাপৰ টাইত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ বাৰ্ষিক 50 হাজাৰ মাৰ্কিন ডলাৰৰ মাচুল দাবী কৰাৰ বিৰুদ্ধেও উত্থাপন হৈছিল অভিযোগ ৷ অৱশ্যে এই অভিযোগ নস্য়াৎ কৰে সুমিত নাগালে ৷

শেহতীয়াকৈ ছুইডেনৰ বিৰুদ্ধে ডেভিছ কাপৰ টাইৰ পৰা আঁতৰি অহাৰ লগতে যোৱা মাহত পিঠিৰ আঘাতৰ সমস্যাৰ বাবে ইউ এছ অ’পেনৰ পুৰুষৰ ডাবলছ ইভেণ্টৰ পৰাও আঁতৰি আহিবলগীয়া হৈছিল খেলুৱৈগৰাকী । ইউ এছ অ’পেনৰ পৰা প্ৰথম ৰাউণ্ডতে বাহিৰ হোৱাৰ পিছত এ টি পি ট্যুৰত নাগালৰ এইটোৱেই আছিল প্ৰথম ইভেণ্ট ।

ইউ এছ অ’পেনত প্ৰথম ৰাউণ্ডতে যাত্ৰা সামৰিলে ভাৰতীয় খেলুৱৈ সুমিত নাগালে ৷ পুৰুষৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই খেলুৱৈগৰাকী নেদাৰলেণ্ডৰ টালন গ্ৰিক্সপুৰৰ হাতত পোনপটীয়া ছেটত পৰাস্ত হৈছিল ৷

লগতে পঢ়ক: ইউ এছ অপেনৰ প্ৰথম ৰাউণ্ডতে যাত্ৰা সামৰিলে সুমিত নাগালে - US OPEN 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.