ETV Bharat / entertainment

আইদেউ ছবিগৃহত ‘বকুল ফুলৰ দৰে’ ৰ বিশেষ দৰ্শনী - Bokul Phulor Dore screening

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Bokul Phulor Dore: মৃণাল কলিতাৰ উপন্যাস ‘বকুল ফুলৰ দৰে’ ৰ চলচ্চিত্ৰ ৰূপ । মঙলবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান । দুৰ্গা অষ্টমীৰ দিনা প্ৰাইড মেক্স OTT প্লেটফৰ্মত মুক্তি দিয়া হ’ব ছবিখন ।

Bokul Phulor Dore special screening at Aideo Cinema Hall
আইদেউ ছবিগৃহত ‘বকুল ফুলৰ দৰে’ ৰ বিশেষ দৰ্শনী (ETV Bharat Assam)

গুৱাহাটী, 2 অক্টোবৰ : 2021 বৰ্ষৰ সাহিত্য একাডেমিৰ শিশু সাহিত্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মৃণাল কলিতাৰ উপন্যাস ‘বকুল ফুলৰ দৰে’ ৰ চলচিত্ৰ ৰূপ । প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা ৰিণিকি ভূঞা শৰ্মাৰ । মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমীয়া সাংস্কৃতিক জগতৰ বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি ।

ইতিমধ্যে বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হোৱা ‘বকুল ফুলৰ দৰে’ ছবিখনৰ পৰিচালনা সঞ্জীৱ হাজৰিকাৰ । আনহাতে চিত্ৰনাট্য আৰু সংলাপ মৃণাল কলিতা, সঞ্জীৱ হাজৰিকা, ভাস্কৰ দাস আৰু ৰাহুল গৌতম শৰ্মাৰ । সামাজিক পৰিৱেশৰ পৰা প্ৰাকৃতিক পৰিৱেশলৈকে কিদৰে এটাৰ লগত আনটো ওতঃপ্ৰোতভাৱে জড়িত, সেই কথা এই ছবিখনৰ জৰিয়তে বুজাব বিচৰা হৈছে ৷ লগতে শিশু শ্ৰমিক আৰু সুৰাপান যে সমাজৰ বাবে ক্ষতিকাৰক সেই বিষয়েও ছবিখনত উপস্থাপন কৰা হৈছে ।

ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰযোজক ৰিণিকি শৰ্মা ভূঞাই কয়, “আমি ৰামধেনুখন লৈ প্ৰথম আৰম্ভ কৰিছিলো । যিখনৰ পৰিচালনা প্ৰয়াত মুনিন বৰুৱা দেৱে কৰিছিল । তাৰ পাছত আমি আৰ্ট ছবি কৰাৰ পৰিকল্পনা কৰিলো আৰু তেতিয়াই আমাৰ বকুল ফুলৰ দৰে ছবিখন কৰাটো মনলৈ আহিল । কিন্তু ছবিখন ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলি আমি ভবা নাছিলো । ছবিখনত সামাজিক ব্যৱস্থাপনা প্ৰতিফলিত কৰা হৈছে । ছবিখনে শ্ৰেষ্ঠ শিশু শিল্পীৰ পৰা আৰম্ভ কৰি বহুকেইটা বঁটা পাবলৈ সক্ষম হৈছে ।”

লগতে আহিবলগীয়া ছবি 'ককাদেউতা নাতি আৰু হাতী' সম্পর্কত তেওঁ কয়, “ইতিমধ্যে ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে । ছবিখনৰ জৰিয়তে অসমীয়া ছবিৰ মান কিমান ওপৰলৈ নিব পাৰি সেয়া প্ৰয়াস কৰা হৈছে । প্ৰথম গানটোৰ ইতিমধ্যেই শ্বুটিং হৈ গৈছে । বহু শিল্পী এতিয়া থিয়েটাৰত আছে, সেয়ে পৰ্যায়ক্ৰমে গৈ অহা অক্টোবৰ মাহত ছবিখন মুক্তি দিয়া হ'ব ।”

লগতে পঢ়ক : মাণিকপুৰৰ ৰাজপথত হঠাৎ হনুমেনৰ আবিৰ্ভাৱ - Joy Hanu Man movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.