ETV Bharat / state

থানাৰ ভিতৰতে মহিলা আৰক্ষীক আক্ৰমণ - Itachali police station

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Woman police attacked: নগাঁৱত সংঘটিত ভয়ংকৰ ঘটনা । খোদ থানাৰ ভিতৰতেই মহিলা আৰক্ষীক আক্ৰমণ । মোবাইল চুৰিৰ অভিযুক্তক আটক কৰাৰ বাবেই থানাৰ ভিতৰতেই চোকা অস্ত্ৰৰে আক্ৰমণ মহিলা আৰক্ষীক । আৰক্ষী থানাৰ ভিতৰতেই নিৰাপত্তা নোহোৱা হৈছে নেকি আৰক্ষীৰ ?

Woman police attacked inside Itachali police station in Nagaon
আৰক্ষী থানাৰ ভিতৰতে মহিলা আৰক্ষীক আক্ৰমণ (ETV Bharat Assam)

নগাঁও,২ অক্টোবৰ: সকলো শুভ মহালয়াৰ আনন্দ উল্লাসত ব্যস্ত থকাৰ সময়তে বুধবাৰে নগাঁৱত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । খোদ আৰক্ষী থানাৰ ভিতৰতেই এগৰাকী মহিলা আৰক্ষী মোবাইল চোৰৰ সমৰ্থকৰ আক্ৰমণৰ বলি হ'বলগীয়া হোৱা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত । উত্থাপিত অভিযোগ অনুসৰি নগাঁৱৰ ডিমৰুগুৰি ই-কাৰ্টৰ কাৰ্যালয়ৰ পৰা চুৰি হৈছিল এটা মোবাইল ফোন ।

ডিমৰুগুৰি ই-কাৰ্টৰ কাৰ্যালয়ৰ চি চি টি ভি ফুটেজৰ ভিত্তিত নগাঁৱৰ ই-কাৰ্ট কৰ্তৃপক্ষই চিনাক্ত কৰিছিল মোবাইল চোৰটোক । সেই অনুসৰি বুধবাৰে নগাঁৱৰ ইটাচালী আৰক্ষীক ই-কাৰ্ট কাৰ্যালয়ৰ পৰা মোবাইল ফোন চুৰি কৰাৰ অভিযোগ সন্দৰ্ভত কৰ্তৃপক্ষই অৱগত কৰোৱাৰ পাছতেই আৰক্ষীৰ এটা দল উপস্থিত হৈ ই-কাৰ্টৰ চুৰিকাণ্ডৰ সৈতে জড়িত মানসজ্যোতি হাজৰিকাক আটক কৰে ।

কিন্তু ইটাচালী আৰক্ষীৰ দলটো উপস্থিত হৈ অভিযুক্ত মোবাইল চোৰ মানসজ্যোতি হাজৰিকাক আটক কৰাৰ পাছতেই অভিযুক্ত মোবাইল চোৰৰ একাংশ সমৰ্থক আৰক্ষী চকীত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অভিযুক্ত মোবাইল চোৰক মোকলাই দিবলৈ আৰক্ষীক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্ত মোবাইল চোৰৰ সমৰ্থনত আৰক্ষী থানালৈ অহা তিনিগৰাকী মহিলাৰ বিৰুদ্ধে ।

কেৱল এয়াই নহয়, আৰক্ষী চকীৰ বিষয়াকো অশ্লীল গালি-গালাজ কৰাৰো অভিযোগ উত্থাপন হৈছে । আনকি আৰক্ষী থানাৰ ভিতৰতে বিনা অনুমতিত ভিডিঅ' ৰেকৰ্ড কৰাত এগৰাকী মহিলা আৰক্ষীয়ে বাধা প্ৰদান কৰাত মহিলা আৰক্ষীকো অশ্লীল গালি-গালাজ কৰাৰ উপৰিও বেগৰ পৰা চোকা অস্ত্ৰ উলিয়াই মহিলা আৰক্ষীগৰাকীক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰে খোদ মহিলা আৰক্ষী জোৱানগৰাকীয়ে ।

আনকি মহিলা আৰক্ষী জোৱানক আক্ৰমণ কৰি মোবাইল চুৰিত অভিযুক্ত মানসজ্যোতি হাজৰিকাক আৰক্ষী থানাৰ পৰাই লৈ উধাও হয় মহিলা তিনিগৰাকী । এতিয়া অভিযুক্ত মোবাইল চোৰৰ লগতে আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত মহিলা তিনিগৰাকীকো বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষী চকীৰ ভিতৰতেই খোদ আৰক্ষীক আক্ৰমণ কৰি এটা আভিযুক্ত চোৰক থানাৰ পৰা মোকলাই লৈ যোৱা ঘটনাই খোদ আৰক্ষীৰ নিৰাপত্তাক লৈয়েই প্ৰশ্নৰ উদ্বেগ ঘটাইছে ।

লগতে পঢ়ক: ছাত্ৰৰ তেজেৰে ৰাঙলী সোণাৰি কৰ্মাচ কলেজৰ পদূলি - Sonari Commerce College

প্ৰতিশ্ৰুতি দি পাহৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - Orang National Park

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.