ETV Bharat / state

কি হৈছিল কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষকৰ সৈতে ? কিয় হত্যা কৰা হ’ল ধ্ৰুৱজ্যোতি বৰ্মনক ? - superintendent cotton university

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Road accident in Jorabat: কটন কলেজৰ প্ৰশাসনিক অধীক্ষকক যোৰাবাটত ট্ৰাক চালকৰ নিৰ্মম আক্ৰমণ । ট্ৰাক চালকে লোহাৰ ৰডেৰে মৰিয়াই অধীক্ষকগৰাকীক হত্যা কৰাৰ অভিযোগ ৷ এক দুৰ্ঘটনাক লৈ তেওঁৰ সৈতে প্ৰথমে কাজিয়াত লিপ্ত হৈছিল ট্ৰাক চালকজন ৷

Road accident in Jorabat
কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক মৰিয়াই হত্যা (ETV Bharat Assam)

গুৱাহাটী ২ অক্টোবৰ: যোৰাবাটত কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষকৰ ৰহস্যজনক মৃত্যু । ট্ৰাক চালকে মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ অধীক্ষকজনক । মৃত অধীক্ষকগৰাকীৰ নাম ধ্ৰুৱজ্যোতি বৰ্মন । বৰ্মনক ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ পৰিয়াল তথা চুবুৰীয়াৰ । কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক আছিল ধ্ৰুৱজ্যোতি বৰ্মন ।

অভিযোগ অনুসৰি এটা দুৰ্ঘটনাক লৈ সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড । জানিব পৰা মতে আজি পুৱাৰ ভাগত গুৱাহাটীৰ পৰা তেজপুৰলৈ AS 01 FT 2170 নম্বৰৰ নিজা বাহনখনেৰে গৈ আছিল প্ৰশাসনিক অধীক্ষকগৰাকী । কিন্তু যোৰাবাট পোৱাৰ আগতেই পিছফালৰ পৰা ধ্ৰুৱজ্যোতি বৰ্মনৰ বাহনখনত প্ৰথমে খুন্দা মাৰে এখন ট্ৰাকে । বাহনখনৰ পিছফালে দেখা গৈছিল খুন্দা মৰাৰ এটা দাগ ৷ তাৰ পিছত দুৰ্ঘটনাক লৈ ট্ৰাকখনৰ চালকজনৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল ধ্ৰুৱজ্যোতি বৰ্মন । অৱশেষত এই কাজিয়াই চূড়ান্ত ৰূপ লয় ।

লগতে পঢ়ক: কাৰাগাৰত বন্দী প্ৰহেলিকাৰ তিলনি পাতিলে ৰাইজে - Chabua murder case

পানীৰ তলত বাট-পথ; নাৱেৰে শ্মশানলৈ নিব লগীয়া হ’ল মৃতদেহ - Tragic incident

ট্ৰাক চালকজনে এডাল ৰডেৰে মৰিয়াই হত্যা কৰে অধীক্ষকগৰাকীক । পুৱাৰ ভাগতে সংঘটিত এই ঘটনাৰ পিছত ৰহস্যজনকভাৱে NL 01 AH 2789 বাহনখনৰ সন্মুখত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বৰ্মনৰ মৃতদেহ ৷ ইয়াৰ পিছতে ধ্ৰুৱজ্যোতিৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতে পোনে পোনে মৃতদেহটো ভেটাপাৰাত থকা বাসগৃহলৈ লৈ অহা হয় ।

ইফালে শোকাকুল পৰিবেশত ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃতদেহটো বাসগৃহলৈ লৈ অহাৰ পিছতে কান্দোনত ভাগি পৰে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া । স্থানীয় ৰাইজৰ দাবী- এয়া দুৰ্ঘটনা নহয়, এয়া এক হত্যাকাণ্ড । এই হত্যাকাণ্ডৰ উচিত তদন্ত কৰি হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাই স্থানীয় লোকে । ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এয়া হত্যা নে দুৰ্ঘটনা । তাৰ বাবে প্ৰথমে বাট চাব লাগিব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ । সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে যোৰাবাট থানাৰ যান-বাহন আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়ক: গাড়ীৰ ভিতৰ উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ: কিছু দূৰৈত তেজেৰে তুমৰলি হৈ জীৱন্তে পৰি আছিল আন এজন - Sensational Murder

সোণাপুৰত বেদখলকাৰী-আৰক্ষীৰ সংঘৰ্ষ, দুই বেদখলকাৰী নিহত - Sonapur eviction incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.