Patient needs financial help: পুত্ৰৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ আহ্বান অসহায় পিতৃৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:08 PM IST

জোনাই, ৭ নৱেম্বৰ: জোনাইৰ এটি কিশোৰ ৷ নাম দীপ দলে (১৪) ৷ লগৰীয়া সৈতে খেলাৰ সময় দীপৰ ৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ কি খেলা ! এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত  দীপ ঘৰতে বন্দী ৷ জন্মৰ পৰাই দীপ আক্ৰান্ত এই ৰোগত ৷ ফলত উপায়ন্তৰ হৈ পৰিছে পিতৃ-মাতৃ তথা ককা-আইতা ৷ জোনাই কেকেৰ গাৱঁৰ নিবাসী বিমান দলে আৰু মইনা দলেৰ এক মাত্ৰ পুত্ৰ সন্তান দীপ জন্মৰ পৰাই এক ৰোগত আক্ৰান্ত হয় ৷ যাৰ ফলত দীপৰ পেট ফুলিবলৈ ধৰে ৷ ফুলা পেটেৰে দীপে বহু কষ্টৰে দিনবোৰ পাৰ কৰিছে ৷ 

উপায়বিহীন হৈ পৰিছে পিতৃ-মাতৃ তথা ঘৰৰ সকলো ৷ ঘৰৰ গৰু,গাহৰি বিক্ৰী কৰিলে দীপৰ চিকিৎসাৰ বাবে ৷ ডিব্ৰুগড়, ধেমাজি আৰু বিভিন্ন ঠাইত চিকিৎসাৰ বাবে নিলে দীপক ৷ কিন্ত সকলোতে চিকিৎসক হাত দাঙিলে ৷ উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ অৰ্থৰ অভাৱ ৷ আৰু বিক্ৰী কৰিবলৈ ঘৰৰ একো সম্পদো নাই ৷ সকলো বিধাতাৰ ওপৰত এৰি দিছে পিতৃ-মাতৃয়ে ৷ বেপাৰ কৰি কোনোমতে ঘৰখন চলায় থকা পিতৃয়ে উপায় নাপাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে  ৷ কোনোবা হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে পিতৃ বিমান দলেৰ 9954666315 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

লগতে পঢ়ক:Susmita suffering from cancer: দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদুশিল্পী সুস্মিতা, বিচাৰিছে আপোনাৰ অকণমান সহায়

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.