Child Marriage: বাল্য বিবাহৰ বিৰুদ্ধে ৰঙিয়াত আৰক্ষীৰ পুনৰ অভিযান

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:43 PM IST

thumbnail

ৰঙিয়া, 3 অক্টোবৰ : চলিত বৰ্ষত ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাইছিল ৷ তাৰ পিচতে এই অভিযান সাময়িকভাৱে স্থগিত কৰা হৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত বাল্য বিবাহৰ গোচৰৰ ভিত্তিত বহুকেইটা স্থানত বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত আছে ৷ 

এইবাৰ ৰঙিয়াত বাল্য বিবাহ বিৰোধী অভিযান ৰঙিয়া আৰক্ষীৰ ৷ মঙলবাৰে পুৱতি নিশা ৰঙিয়াৰ তুলসীবাৰী আৰু বঢ়মপুৰ হাটবজালীত আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই । আৰক্ষীয়ে চলোৱা এই অভিযানত ৰঙিয়াৰ বিভিন্ন ঠাইৰ পৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃতকেইজন হ’ল তুলসীবাৰীৰ আমজাদ আলী, আমিৰ আলী, ফজলুদ্দিন আলী, বঢ়মপুৰ হাটবজালীৰ জিয়াৰুল ৰহমান আৰু কাদিৰ আলী। বাল্য বিবাহৰ সৈতে জড়িত আটাইগৰাকী লোকক আৰক্ষীয়ে মঙলবাৰে দিনত আদালতত হাজিৰ কৰে ।

লগতে পঢ়ক: Operation against child marriage : কলগাছিয়াত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান; কাজীসহ মুঠ 20 জনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.