Charaideo passenger bus news: বাছেৰে যাত্ৰা কৰি থকাৰ সময়তেই অকাল মৃত্যু এজনৰ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 18 এপ্ৰিল : প্ৰখৰ ৰ'দ আৰু উৎকট গৰমে দহিছে ৰাজ্যবাসীক । চৰাইদেউৰ মথুৰাপুৰত উৎকট গৰমৰ বাবেই এজন লোকৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে । চৰাইদেউ জিলাৰ মথুৰাপুৰত যাত্ৰীবাহী বাছত যাত্ৰা কৰি আহি থকা অৱস্থাতে মৃত্যু ঘটে এজন লোকৰ ৷ বৰ্তমানেও যাত্ৰী জনৰ পৰিচয় জানিব পৰা হোৱা নাই (Charaideo passenger bus news) ৷
শিৱসাগৰৰ পৰা সোণাৰি অভিমুখে আহি থকা অৱস্থাত কৃষানু নামৰ AS -03 -BC 0365 নম্বৰ যাত্ৰী বাহী বাছখনত মৃত্যু হয় লোকজনৰ ৷ ব্যক্তিজনৰ বয়স প্ৰায় ৩৭ বছৰ বুলি অনুমান কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে মথুৰাপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও আজি প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ বাবে ব্যক্তিজনৰ মৃত্যু হোৱা বুলি সকলোৱে সন্দেহ কৰিছে । আৰক্ষীৰ তদন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব (One person died in a passenger bus) ।
লগতে পঢ়ক : Attempt to murder case: সময়মতে ভাত নিদিয়াৰ বাবেই কন্যাক ঘপিয়ালে পিতৃয়ে