Animals part smuggling: শদিয়াত ৰয়েল বেংগল টাইগাৰৰ ছাল, হাড় আৰু অন্যান্য অংগসহ এজনক আটক - এজন মূল অভিযুক্ত পলায়ন
🎬 Watch Now: Feature Video
তিনিচুকীয়া, ২৫ ফেব্ৰুৱাৰী: ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ উঠিছে বন্যজন্তুৰ অংগৰ চোৰাং সৰবৰাহৰ ৰমৰমীয়া বেহা (Animals part smuggling in Assam) ৷ শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ শদিয়াত ৰয়েল বেংগল টাইগাৰৰ ছাল, হাড় আৰু অন্যান্য অংগসহ এজনক আটক কৰিবলৈ সক্ষম হয় শদিয়াৰ আঞ্চলিক বন বিভাগ (Animals part smuggling at Sadia) ৷
জানিব পৰা মতে ভাৰত চৰকাৰৰ (Indian Government) ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ’ল ব্যুৰ’ৰ (Wildlife Crime Control Bureau) এক গোপন তথ্যৰ ভিত্তিত শুকুৰবাৰে বিয়লি তিনিচুকীয়া জিলাৰ শদিয়া আঞ্চলিক বন বিভাগৰ এটা অভিযানকাৰী দলে এক অভিযান চলায় ৷ এই অভিযানত অভিযানকাৰী দলটোৱে দিনটো খাপ পাতি থকাৰ পাছতে ধলা-শদিয়া সংযোগী ড৹ ভূপেন হাজৰিকা সেঁতুৰ সমীপত শদিয়াৰ পাৰে থকা মহাবাহু হোটেলৰ পৰা লোকজনক আটক কৰে (Accused arrested related to Animals part smuggling) ৷ অভিযানকাৰী দলটোৱে লোকজনৰ পৰা এখন চাৰিচকীয়া বিলাসী বাহনো জব্দ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে বাহনখনৰ পৰা ৰয়েল বেংগল টাইগাৰৰ ছাল, হাড় আৰু অন্যান্য অংগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Animals parts recovered) ৷ অৰুণাচল প্ৰদেশৰ পৰা শদিয়াৰ মাজেৰে অন্য ঠাইলৈ সৰবৰাহ কৰা হৈছিল এই বন্য জন্তুৰ অংগসমূহ ৷ অভিযানকাৰী দলটোৱে আটক কৰা লোকজন নগাঁৱৰ জাকিৰ হুছেইন(৪৩) বুলি জানিবলৈ দিয়ে ৷ দুৰ্ভাগ্যক্ৰমে উক্ত ঘটনাৰ লগত জড়িত আন এজন মূল অভিযুক্ত পলায়ন কৰে বুলি জানিবলৈ দিয়ে বন বিভাগৰ দলটোৱে ৷
সম্প্ৰতি কৰায়ত্ত কৰা অভিযুক্তক শদিয়া আঞ্চলিক বন বিভাগৰ (Sadiya Regional Forest Department) চপাখোৱাস্থিত কাৰ্যালয়ত সোধা পোছা কৰি থকাৰ হৈছে ৷ উক্ত ঘটনাৰ সৈতে জড়িত আটাইকেইজন লোকক কৰায়ত্ত কৰাৰ প্ৰচেষ্টাৰে বন বিভাগৰ দলটোৱে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: Illegal spurious liquor : কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ আৰক্ষীৰ