নিজৰ ট্ৰাকখনেই কাল হ'ল অভয়াপুৰীৰ নুৰ আলমৰ

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 3:25 PM IST

thumbnail

বঙাইগাঁও,৩ ডিচেম্বৰ : দেৰগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ । পুৱা প্ৰায় ৪:৩০ বজাত দেৰগাঁৱত বনভোজকাৰী কঢ়িয়াই লৈ যোৱা বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত প্ৰায় ১২ জন লোক নিহত হোৱাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ।  

উক্ত দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে AS-01-PC-O648 নম্বৰৰ ট্ৰাকখনৰ চালক তথা মালিক অভয়াপুৰীৰ বেহুলাপাৰাৰ নুৰ আলমে । নুৰ আলমৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোৰ লগতে ঘৰখনতো এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । মাৰ্ঘেৰিটাৰ পৰা ট্ৰাক চলাই আহি আছিল নুৰ আলম । পত্নী, দুটি সন্তানসহ আৰু বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ গৈছে মৃত নুৰ আলমে । 

লগতে পঢ়ক : দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাত দুখ প্ৰকাশ মন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.