Inclusion of villages in BTR: বি টি আৰত গাঁও অন্তৰ্ভুক্তিৰ বিৰোধিতা অবড়ো সুৰক্ষা সমিতিৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2023, 10:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বাক্সা, 29 জানুৱাৰী: 26 জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) বি টি আৰৰ সৈতে একাংশ গাঁও অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিচতেই বিভিন্ন জিলাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 60খনতকৈ অধিক গাঁও বি টি আৰত অন্তৰ্ভুক্ত হ’ব বুলি ঘোষণা কৰে (Inclusion of villages in BTR) ৷ বড়ো অধ্যুষিত অঞ্চলসমূহে চৰকাৰৰ এই সিদ্ধান্তৰ আদৰণি জনাইছে যদিও অবড়োৱে কৰিছে তীব্ৰ বিৰোধিতা ৷  

এই সমগ্ৰ বিষয় সন্দৰ্ভত দেওবাৰে বৰমাত এক সংবাদমেল সম্বোধন কৰে অবড়ো সুৰক্ষা সমিতিয়ে ৷ বি টি আৰত গাঁও অন্তৰ্ভুক্ত কৰাৰ এই সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে অবড়ো সুৰক্ষা সমিতি(Non Bodo organization) ৷ যাৰ বাবে অবড়ো সুৰক্ষা সমিতিৰ দাবী মানি নললে আন্দোলনৰ হুংকাৰ দিছে সংবাদমেলৰ জড়িয়তে ৷

সংবাদমেলত অবড়ো সুৰক্ষা সমিতিয়ে কয় যে, বি টি আৰৰ অবড়ো গাঁৱসমূহ কৰ্তনৰ বাবে আবেদন কৰাৰ পিছতো গাওঁ আজিলৈ কৰ্তন কৰা নহ'ল । এবছুৰ কথাত যদি বি টি আৰত বড়ো গাঁও অন্তৰ্ভুক্ত কৰা হয় হৈছে তেন্তে 2003 চনত বি টি আৰত ভুৱা তথ্যৰে গাওঁ অন্তভুক্তি কৰা হৈছিল আৰু যদি নতুন গাওঁ অন্তৰ্ভুক্তি ক্ষেত্ৰতো একে পন্থা অৱলম্বন কৰা হৈছে তেন্তে তাৰ পৰিনাম ভয়াৱহ হ'ব ৷  

অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত গাওঁ কৰ্তনৰ বিষয়বস্তুৱে প্ৰাধান্য নাপালে 20 ফেব্ৰুৱাৰীত দিছপুৰ লাষ্টগেটত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও অবড়ো সুৰক্ষা সমিতিয়ে সদৰী কৰে সংবাদমেলত । ঠিক একেদৰে 27 ফেব্ৰুৱাৰীত বি টি আৰত বন্ধ ঘোষণা কৰিব বুলিও উল্লেখ কৰে সংগঠনটোৱে । যদিহে ৰাজ্যিক পৰ্যায়ত এই সমস্যাৰ সমাধান নহয় তেন্তে 6 মাৰ্চত দিল্লীৰ জন্তৰ-মন্তৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিয়ে ৷  

লগতে অবড়ো সুৰক্ষা সমিতিয়ে কেৱল এবছুৰ লগতেই নহয়, বি টি আৰৰ সকলো সংগঠনৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ বাবেও দাবী উত্থাপন কৰে ৷ সমান্তৰালভাৱে, বিধায়কসকলৰ ভূমিকাক লৈয়ো ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ 

লগতে পঢ়ক: Inclusion of villages in BTR: বড়োভূমিত গাঁও অন্তৰ্ভুক্তিৰ বিৰুদ্ধে অবড়ো জনতাৰ প্ৰতিবাদ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.