ETV Bharat / bharat

মহাকুম্ভৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ - MAHAKUMBH STAMPEDE

মহাকুম্ভ মেলাত পদপিষ্ট হৈ কেইবাগৰাকী ভক্তৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে প্ৰধানমন্ত্ৰীক ।

Mahakumbh Stampede
মহাকুম্ভৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ (ANI)
author img

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 2:13 PM IST

প্ৰয়াগৰাজ : মহাকুম্ভ মেলাত হোৱা পদপিষ্টৰ ঘটনাক লৈ দেশজুৰি শোকৰ ছাঁ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে । ঘটনাটোক লৈ দুখ প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

Xৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোক অত্যন্ত দুখজনক বুলি অভিহিত কৰি কয়,"প্ৰিয়জনক হেৰুওৱা ভক্তসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা থাকিল ।" তেওঁ আহতসকলৰ আশু আৰোগ্যও কামনা কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয়, "স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে । এই সন্দৰ্ভত মই মুখ্যমন্ত্ৰী যোগীজীৰ সৈতে কথা পাতিছো আৰু মই ৰাজ্য চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগত আছো ।"

মহাকুম্ভত পদপিষ্টৰ ঘটনা

উল্লেখ্য যে বুধবাৰে পুৱতি নিশা মহাকুম্ভ মেলাৰ সংগমস্থলীত মৌনী অমাৱস্যাৰ পবিত্ৰ স্নানৰ সময়ত লাখ লাখ লোক একত্ৰিত হয় । সেই সময়তে পদপিষ্ট হৈ প্ৰায় ১৫ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । অৱশ্যে উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাটোত মৃতকৰ সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই । এএফপিয়ে ১৫ গৰাকী লোকৰ মৃত্যুৰ লগতে বহুতো লোক আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনা সন্দৰ্ভত কয়,"কেইজনমান ভক্ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ।" অৱশ্যে তেওঁ মৃত্যু বা আঘাতৰ সঠিক তথ্য প্ৰকাশ কৰা নাই । বিষয়াসকলে উল্লেখ কৰা মতে বেৰিকেড ভাঙি যোৱা ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।

মহাকুম্ভ মেলাৰ বিশেষ কৰ্তব্যৰত বিষয়া আকাংক্ষা ৰাণাই কয় যে কিছুমান লোক আঘাতপ্ৰাপ্ত হৈছে । তেওঁ কয়,"সংগমস্থলীত বেৰিকেড ভাঙি যোৱাৰ পিছতে কিছুমান লোক আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আমি এতিয়াও আঘাতপ্ৰাপ্তসকলৰ সঠিক তথ্য পোৱা নাই ।" তেওঁ লগতে কয় যে পৰিস্থিতি গুৰুতৰ নহয় আৰু আহতসকলে চিকিৎসা গ্ৰহণ কৰি আছে ।

লগতে পঢ়ক :মহাকুম্ভ মেলাত অঘটন: পদপিষ্ট হৈ ১৭ জনৰ মৃত্যু, অমৃত স্নান বাতিল - MAHA KUMBH MELA 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.