ETV Bharat / state

মহাকুম্ভত পদপিষ্ট হৈ অসমৰ তীৰ্থযাত্ৰীয়ে হেৰুৱালে প্ৰাণ - MAHAKUMBH STAMPEDE

নিৰাপদে আছে অসমৰ বিভিন্ন সত্ৰৰ পৰা যোৱা সত্ৰাধিকাৰসহ আন ভক্তসকল ৷

Assam pilgrim death in stampede
পদপিষ্ট হৈ হাইলাকান্দিৰ ব্যৱসায়ী নীতি ৰঞ্জন পালৰ মৃত্য়ু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 29, 2025, 2:14 PM IST

গুৱাহাটী: মহাকুম্ভৰ পদপিষ্টৰ ঘটনাত কেইবাগৰাকী ভক্তই প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে বহুতো । এই শোকাৱহ ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ ভিতৰত অসমৰো এজন ভক্ত আছে ।

পদপিষ্ট হৈ নিহত হৈছে হাইলাকান্দিৰ ব্যৱসায়ী নীতি ৰঞ্জন পাল । পৰিয়ালৰ সূত্ৰে লাভ কৰা তথ্য় অনুসৰি হাইলাকান্দিৰ এইগৰাকী ব্য়ৱসায়ীয়ে মৌনী অমাৱস্যাত অমৃত স্নান কৰিবলৈ গৈছিল ত্ৰিবেনী সংগমলৈ ।

Assam pilgrim death in stampede
নীতি ৰঞ্জন পাল (ETV Bharat Assam)

আনহাতে, প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হোৱা অসমৰ মহাপুৰুষীয়া সমাজৰ অন্যতম আধাৰস্বৰূপ নামঘৰত থকা ভকত-বাপসকল সুৰক্ষিত অৱস্থাত থকা বুলি জানিব পৰা গৈছে । যোৱা ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হৈছে ভাওনা, সত্ৰীয়া সংস্কৃতিৰ লগতে অখণ্ড ভাগৱত পাঠ ৷ ইয়াত অংশগ্ৰহণ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ ১২৮ গৰাকী সন্ত, সত্ৰাধিকাৰ তথা ধৰ্মীয়গুৰুৱে ৷ অসমৰ পৰা ৬০ গৰাকী ধৰ্মীয় গুৰুৱে ইয়াত অংশগ্ৰহণ কৰিছে ।

জনবিশ্বাস অনুসৰি মৌনী অমাৱস্যাত অমৃত স্নান কৰিলে পাপ খণ্ডন হয় । তাতে আকৌ এইবাৰ মহাকুম্ভ । এই মহাকুম্ভত ত্ৰিবেণী সংগমত স্নান কৰিবলৈ সমবেত হৈছে কোটি কোটি ভক্ত । প্ৰয়াগৰাজৰ এই মহাকুম্ভত ১৪৪ বছৰৰ পিছত হোৱা বিৰল মহাকাশীয় ঘটনা 'ত্ৰিবেণী যোগ'ত স্নান কৰিবলৈ মঙলবাৰে নিশা আৰু বুধবাৰে পুৱতি নিশা ভিৰ কৰে কোটি কোটি ভক্তই । সেই সময়তেই সংঘটিত হয় পদপিষ্টৰ ভয়ংকৰ ঘটনা ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকুম্ভৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক:মহাকুম্ভ মেলাত অঘটন: পদপিষ্ট হৈ ১৭ জনৰ মৃত্যু, অমৃত স্নান বাতিল - MAHA KUMBH MELA 2025

মহাকুম্ভৰ ঘটনাক লৈ চৰকাৰক সমালোচনা বিৰোধীৰ - MAHAKUMBH STAMPEDE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.