Bohag Bihu program held in Majuli : 20 বছৰৰ পাচত মাজুলীত কণ্ঠশিল্পী নিৰ্মালি দাসৰ সংগীতানুষ্ঠান - ৰঙালীৰ ৰঙত মতলীয়া এতিয়া ৰাজ্য
🎬 Watch Now: Feature Video
মাজুলী, 8 মে’ : ৰঙালীৰ ৰঙত মতলীয়া এতিয়া ৰাজ্য । সোমবাৰে নিশা আয়োজন কৰা হয় মাজুলীৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সংস্কৃতিক অনুষ্ঠান (Bohag Bihu program held in Majuli)৷ এই অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ আৰু নিৰ্মালি দাসে । প্ৰায় 20 টা বছৰৰ পাচত মাজুলীত গীত পৰিৱেশন কৰে কণ্ঠশিল্পী নিৰ্মালি দাসে (Nirmali Das concert in Majuli) ।
এই সংগীতানুষ্ঠান উপভোগ কৰিবৰ বাবে মাজুলীৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷ দুয়োগৰাকী কণ্ঠশিল্পীৰ গীতে মুগ্ধ কৰে উপস্থিত দৰ্শকক (Nirmali Das and Kussum Kailash in Majuli) । উল্লেখ্য যে, এই সংগীতানুষ্ঠানৰ শুভাৰম্ভ কৰে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মাজুলী কেন্দ্ৰীয় ৰঙলী বিহু সন্মিলনত মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম, ঋতুপৰ্ণ বৰুৱা, সুভাষ দত্ত, হৰেন দেউৰী, ৰমেন দত্তকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : Zubeen Garg concert: মাজুলীত জুবিন গাৰ্গ, নিলোৎপল বৰাৰ সংগীতে মুহিলে দৰ্শকক