স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - Minister Parimal Suklabaidya

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 9:52 PM IST

হোজাই, 12 জানুৱাৰী: আজি ৰাষ্ট্ৰীয় যুৱ দিৱস । স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ দিনটো দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাবে । তাৰ লগত সংগতি ৰাখি হোজাই জিলাৰ লংকাৰ বিজয়া ঘাটস্থিত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তিৰ তলত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ, বিজেপিৰ জিলা সভাপতি অনুপ দেৱসহ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাসকল । উক্ত অনুষ্ঠানৰ পূৰ্বে হোজাই জিলাৰ বিভিন্ন প্ৰান্ত বাইক লৈ পৰিদৰ্শন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পাচফালে বিধায়ক ৰামকৃষ্ণ ঘোষক বহুৱাই লংকাত উপস্থিত হয় মন্ত্ৰীগৰাকী ।

১৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা পথ সুৰক্ষা জন আন্দোলন কাৰ্যসূচীৰ লগত সংগতি ৰাখি বাইক লৈ সজাগতামূলক পৰিভ্ৰমণ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।

লগতে পঢ়ক: পৰিবহন বিভাগে মানুহৰ চৰিত্ৰ সংশোধন কৰিব নোৱাৰে : পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.