Karishma Nath programme in Nagaon: অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে আৰক্ষী থানাত কৰিশ্মাৰ গোচৰ

By

Published : Apr 4, 2023, 11:44 AM IST

thumbnail

নগাঁও, 4 এপ্ৰিল: ৰাজ্যজুৰি চৰ্চাত থকা এটা নাম হৈছে কৰিশ্মা নাথ । নাগাৰা নাম বুলিলেই এতিয়া সকলোৰে মনলৈ আহে কৰিশ্মা নাথৰ নাম ৷ প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত হৈ নাগাৰা নাম পৰিৱেশন কৰিলে কৰিশ্মা নাথে (Nagara naam performer Karishma Nath) । নাগাৰা নাম পৰিৱেশন কৰি ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা কৰিশ্মা নাথে শেহতীয়াকৈ এটা পক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰিবলগীয়া হ'ল এজাহাৰ । 

কোনো লোকে কৰিশ্মা নাথৰ ফটো প্ৰফাইলত ব্যৱহাৰ কৰি সামাজিক মাধ্যমত বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ উপৰিও অপত্তিজনক মন্তব্য কৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে কৰিশ্মা নাথে । অৱশ্যে আৰক্ষীৰ কাষ চপাৰ পিছতেই সামজিক মাধ্যমত প্ৰচাৰ কৰা পোষ্ট ডিলিট কৰা বুলিও নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে কৰিশ্মা নাথে (Karishma Nath performed Nagara Naam) । 

উল্লেখযোগ্য যে, সোমবাৰে নিশা নগাঁৱৰ মৰিকলঙত নাম পৰিৱেশনৰ বাবে উপস্থিত হৈ এইদৰে মন্তব্য কৰে কৰিশ্মা নাথে (Karishma Nath nagara naam) । মৰিকলঙত নাম পৰিৱেশন কৰি যথেষ্ট আদৰ লাভ কৰে কৰিশ্মা নাথে (Nagara Naam by Karishma Nath) ।

লগতে পঢ়ক : Karishma Nath In Nalbari: জনসমুদ্ৰত পৰিণত কৰিশ্মা নাথৰ নাগাৰা নাম পৰিৱেশন অনুষ্ঠান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.