Rangali bihu season in Assam: ঢোল-পেঁপা-গগণাৰ মাতত মুখৰিত চতিয়া - মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাট

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 20, 2023, 9:04 PM IST

চতিয়া, 20 এপ্ৰিল : অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ ৬২ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা উপলক্ষে বুধবাৰে বিয়লিৰ ভাগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত নিশাৰ ভাগলৈকে বিহুদল সমূহে বিহু প্ৰদৰ্শন কৰে । বিয়লি ভাগত বৃত্তাকাৰ চৌহদত এটি এটিকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুদল সমূহে প্ৰৱেশ কৰি প্ৰায় তিনিঘন্টাৰো অধিক সময় ধৰি বিহু প্ৰদৰ্শন কৰে । প্ৰায় পোন্ধৰ সহস্ৰাধিক ৰাইজে প্ৰাণভৰি উপভোগ কৰে অসমৰ মুকলি বিহুৰ এই বিনন্দীয়া ৰূপ (Jamugurihat mukoli bihu) । 

ইতিমধ্যে কেতিয়াবাই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবাৰ ৬২ সংখ্যক বৰ্ষত ভৰি দিয়া জামুগুৰিহাটৰ এই ঐতিহ্যমণ্ডিত মুকলি বিহু প্ৰতিযোগিতাখনি উপভোগ কৰি আপ্লুত হৈ পৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও (Mukoli bihu competition at Jamugurihat) । এই মুকলি বিহুতেই জামুগুৰিহাটৰ প্ৰবীণ বৰবিহুৱা মোহন শইকীয়াক “ধনকেতেকী” উপাধিৰে সন্মান প্ৰদান কৰাৰ লগতে জামুগুৰিহাটৰ সু-সন্তান তথা মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কুন্টলমণি শৰ্মা বৰদলৈকো বৰপুখুৰীপাৰ মুকলি বিহু কমিটিয়ে গামোচা-জাপি-চেলেং আৰু প্ৰশস্তি পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

আনহাতে, চেৰা বিহুৰ দিনটোতে সদৌ নাগশংকৰ মুকলি বিহুমেলা উপলক্ষ্যে উলিওৱা হয় এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা । সন্মুখত বিশাল গজৰাজক লৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে । নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দিনৰ ১১ বজাত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ নাগশংকৰ অঞ্চল পৰিভ্ৰমণ কৰে (cultural procession)। 

বিহু নৃত্য,আদিবাসী নৃত্য, মিচিং নৃত্য আৰু নেপালী নৃত্যও আছিল এই শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল নাগশংকৰত বহাগৰ বতৰত সদৌ নাগশংকৰ মুকলি বিহুৰ উদোগত অনুষ্ঠিত হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমন্বয়ৰ বাৰ্তা আৰু অধিক শক্তিশালী কৰি তুলিছে । উল্লেখ্য যে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই (Arun Hazarika visit nagsankar mukoli bihumela) ।

লগতে পঢ়ক : Sayed Sadyllah Recived Aai Asomi Award: যশস্বী গীতিকাৰ ছৈয়দ ছাদুল্লালৈ ছাত্ৰ সন্থাৰ আই অসমী বঁটা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.